অসম

assam

GMCH oxygen plant: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন

By

Published : Mar 29, 2023, 9:16 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালত বুধবাৰে মুকলি কৰা হ’ল এটা অক্সিজেন উৎপাদন প্ৰকল্প ৷ এই প্ৰকল্পটোৰ জড়িয়তে প্ৰতি মিনিটত 500 লিটাৰ মেডিকেল অক্সিজেন উৎপাদন কৰিব পৰা হ’ব ৷ মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে এই প্ৰকল্পটো (Minister Keshab Mahanta) ৷

GMCH oxygen plant
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অত্যাধুনিক অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন

গুৱাহাটী, 29 মাৰ্চ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ ছুপাৰ স্পেচিয়েলিটী চিকিৎসালয় ‘হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ’ (চিএন চেণ্টাৰ)ত বুধবাৰে এটা অত্যাধুনিক অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন কৰা হয় (GMCH super speciality hospital) ৷ প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

বিভিন্ন বহুজাতিক প্ৰতিষ্ঠান ‘বায়াৰ’য়ে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আগবঢ়োৱা অৰ্থ-সাহাৰ্যৰে স্থাপন কৰা এই প্ৰকল্পটো ৷ প্ৰেছাৰ ছুইং এডজৰপশ্যন (Pressure Swing Adsorption) অক্সিজেন প্ৰকল্পটোৰ জৰিয়তে এতিয়াৰে পৰা প্ৰতি মিনিটত 500 লিটাৰ মেডিকেল অক্সিজেন চিএন চেণ্টাৰত উৎপাদন হ’ব ।

এই প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বহুজাতিক প্ৰতিষ্ঠান 'বায়াৰ'ৰ শলাগ লয় ৷ মন্ত্ৰী মহন্তই ৰাজ্যখনৰ চিকিৎসা সেৱা তথা স্বাস্থ্যখণ্ডক অত্যাধুনিক কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে চলোৱা আন্তৰিক প্ৰয়াসৰ এক অন্যতম সুফলৰূপে চিএন চেণ্টাৰক অভিহিত কৰে । যোৱা বছৰৰ 9 মে’ত শুভাৰম্ভ হোৱা চিএন চেণ্টাৰে বিগত এঘাৰ মাহত আশানুৰূপ দিশত আগবাঢ়িবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

প্ৰতি মিনিটত উৎপাদন হ’ব 500 লিটাৰ অক্সিজেন

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ মাৰ্গ-দৰ্শনত ৰাজ্যৰ স্বাস্থ্যখণ্ডক বিকশিত কৰিবলৈ অব্যাহত ৰখা আন্তৰিক প্ৰচেষ্টাৰ অংশ হিচাবে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীত নিৰ্মাণ কৰা তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় অহা 14 এপ্ৰিলত এইমছৰ সৈতে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰিব বুলি ঘোষণা কৰে (PM to Inaugurate Medical college in Assam) ।

একেদৰে, চলিত বৰ্ষতে শিলচৰ, যোৰহাট, তেজপুৰ, বৰপেটা, ডিফু আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ছখন ছুপাৰস্পেচিয়েলিটী চিকিৎসালয় আৰু ধুবুৰীসহ 9খন চিকিৎসা মহাবিদ্যালয়ত এখনকৈ নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰিবলৈও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

বুধবাৰৰ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে উপস্থিত থাকে GMCHৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্য, বায়াৰ ফাউণ্ডেচনৰ ভাৰতস্থ শীৰ্ষ কাৰ্যবাহী ৰাস্না পাণ্ডা, প্ৰতিষ্ঠানটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা গোটৰ মূৰব্বী সবিতা বেহলকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বীসকল ৷

লগতে পঢ়ক:Reward to Lovlina Borgohain: লাভলীনালৈ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details