অসম

assam

Reshuffle in Assam Police: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

By

Published : Jul 30, 2023, 12:35 PM IST

অসম আৰক্ষীৰ শীৰ্ষ মহলত পুনৰ ব্যাপক ৰদ-বদল । ৰাজ্যৰ গৃহবিভাগে এক নিৰ্দেশনাযোগে সদৰী কৰিছে এই কথা ৷

Reshuffle carried out in Assam Police
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল

গুৱাহাটী, ৩০ জুলাই : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক ৰদবদল কৰা হৈছে ৷ অসম চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষীৰ শীর্ষ পর্যায়ত সালসলনি ঘটাই জাৰি কৰা নির্দেশনা অনুসৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) বিদ্যুৎ দাস বড়োক চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (প্রশিক্ষণ) হিচাপে বদলি কৰা হৈছে ৷

সেইদৰে অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ময়িদুল ইছলামক নৱম অসম বেটেলিয়নৰ সহ-অধিনায়ক হিচাপে বদলি কৰা হৈছে ৷ একেদৰে এছ টি এফৰ (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান) অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াক মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে (মুখ্য কার্যালয়) বদলি কৰা হৈছে ৷

অসম আৰক্ষীৰ শীৰ্ষ মহলত পুনৰ ব্যাপক ৰদ-বদল

আনহাতে কাহিলীপাৰাৰ এছ বিৰ মুখ্য কাৰ্যালয়ৰ উপ-আৰক্ষী অধীক্ষক অসীমা কলিতাক গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (ট্ৰেফিক)ৰূপে, দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ উপাধ্যক্ষ ৰাজশ্ৰী ধন্দিয়াক যোৰহাট তিতাবৰৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ সহ-অধিনায়ক ৰূপে, ডিব্ৰুগড়ৰ উপ-আৰক্ষী অধীক্ষক (S&I) তিলক দাসক বিশ্বনাথৰ পাভৈৰ পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ উপ-অধীক্ষক ৰূপে, বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসক কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) ৰূপে বদলি কৰা হৈছে ৷

কৰিমগঞ্জৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) গীতাৰ্থ দেৱ শৰ্মাক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰূপে, বশিষ্ঠৰ এ চি পি ত্ৰিদীপ বৰদলৈক দিছপুৰৰ ৰাজধানী চৌহদৰ উপ-আৰক্ষী আয়ুক্ত (সুৰক্ষা)ৰূপে, চিৰাঙৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) লৱ কুমাৰ ডেকাক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (এছ এণ্ড আই )ৰূপে, গোৱালপাৰাৰ উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাক এছ টি এফৰ (কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান) অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে, দৰঙৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) প্ৰাঞ্জল বৰাক ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰূপে বদলি কৰা হৈছে ৷

লগতে নলবাৰীৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) জিকিৰাণী মহন্তক ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে, বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) সমীৰদাপাত্ৰ বৰুৱাক হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে, চিৰাঙৰ বিজনী মহকুমাৰ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতাক নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)ৰূপে, গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মধুয়া প্ৰসাদ বৰুৱাক শিৱসাগৰ জিলাৰ কমলাবাৰীৰ গেলেকীৰ চতুৰ্থ অসম কমাণ্ডো বেটেলিয়নৰ উপ-অধীক্ষক ৰূপে বদলি ৷

চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক ফাৰুক আহমেদক ডিমা হাচাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে, বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) জয়ন্ত বৰুৱাক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে, গুৱাহাটীৰ জালুকবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ভাৰ্গৱ সঞ্জীৱন গোস্বামীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (আইন) ৰূপে বদলি কৰা হৈছে ৷

ইফালে চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক পুনমজিৎ নাথক শদিয়াৰ অম্বিকাপুৰৰ ষষ্ঠ অসম কমাণ্ডো বেটেলিয়নৰ উপ-অধীক্ষক ৰূপে, মৰিগাঁৱৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) মৌচুমী দাসক চি আই ডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (চাইবাৰ চেল) ৰূপে, কাৰ্বি আংলঙৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) নাহিদ কৰিশ্মাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সৈতে সংলগ্ন ৷

আৰক্ষী আয়ুক্তালয়ৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (সংৰক্ষিত) অৰুণিমা ভূঞাক শদিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়)ৰূপে, গুৱাহাটীৰ পাণবজাৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৃথ্বিৰাজ ৰাজখোৱাক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰূপে, বাক্সাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) শেখৰজ্যোতি ৰয়ক চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে, মানকাচৰ ২৬ এ পি (আই আৰ) বেটেলিয়নৰ উপ-আৰক্ষী অধীক্ষক আজিজা গুলেনাৰক বঙাইগাঁৱৰ অভয়াপুৰীৰ অষ্টম অসম আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধীক্ষক ৰূপে বদলি কৰা হৈছে ৷

শিৱসাগৰৰ নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া সুভলক্ষ্মী দত্তক চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত)ৰূপে, শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) লুইত তালুকদাৰক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ)ৰূপে, গোলাঘাট ধনশিৰিৰ মহকুমা আৰক্ষী বিষয়া ত্রিনয়ন ভূঞাক বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰূপে, হাইলাকান্দিৰ উপ-আৰক্ষী অধীক্ষক (সীমান্ত) নির্মল ঘোষক গোলাঘাট দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধীক্ষক ৰূপে, শিৱসাগৰৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) ডেইজী গগৈক কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ দ্বিতীয় অধীক্ষক ৰূপে, গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ভনিতা নাথক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে বদলি কৰা হৈছে ৷

আনহাতে, উলুবাৰীৰ চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক প্রতাপ দাসক কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰূপে, নগাঁও কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈক হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে (মুখ্য কার্যালয়), গুৱাহাটী কাহিলীপাৰাৰ এছ বিৰ উপ-আৰক্ষী অধীক্ষক মনোলভা শ‍ইকীয়াক কাৰ্বি আংলঙৰ তৃতীয় অসম কমাণ্ডো বেটেলিয়নৰ উপ-অধীক্ষক ৰূপে, মাজুলীৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) পদ্ম কুমাৰ পেগুক শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপে বদলি ৷

ধেমাজিৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) আবুতানি দলেক হাইলাকান্দিৰ দ্বিতীয় অসম কমাণ্ডো বেটেলিয়নৰ উপ-অধীক্ষক ৰূপে, মুখ্যমন্ত্ৰীৰ উপ-আৰক্ষী অধীক্ষক (সুৰক্ষা) ইমা দাসক আৰক্ষী আয়ুক্তালয়ৰ উপ-আৰক্ষী আৰক্ষী অধীক্ষক (এছ এণ্ড আই )ৰূপে, ধেমাজিৰ জোনাই মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱ মুণি দাসক গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ উপ-আৰক্ষী অধীক্ষক (আৰক্ষী নিয়ন্ত্রণ কক্ষ) ৰূপে, যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) মামণি হাজৰিকাক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কার্যালয়) হিচাপে বদলি কৰা হৈছে ৷ উল্লেখ্য যে অসম আৰক্ষীৰ এ পি এছ পৰ্যায়ৰ ৪০ গৰাকী বিষয়াৰ সালসলনি ঘটোৱা হৈছে ৷

লগতে পঢ়ক :Encountr in Tinsukia: লক্ষীপথাৰত মাজনিশা আৰক্ষীৰ এনকাউণ্টাৰ

ABOUT THE AUTHOR

...view details