অসম

assam

ৰাজ্যৰ শিক্ষকসকলক লৈ হেতালি খেলিছে চৰকাৰে: জাতীয় পৰিষদ

By

Published : Sep 4, 2022, 6:47 PM IST

সমাগত শিক্ষক দিৱস ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ সৰৱ হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ নিটিআয়োগৰ প্ৰতিবেদন অনুসৰি অসমৰ শিক্ষা খণ্ডৰ অৱস্থা দেশৰ আটাইতকৈ তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন (Lurinjyoti Gogoi press conference about teachers day)৷

Etv Bharat
Etv Bharat

গুৱাহাটী, 4 ছেপ্টেম্বৰ: "ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত 952 টা অধ্যাপকৰ পদ, 1,529 টা অনা শিক্ষকৰ পদকে ধৰি মুঠতে 2,370 টা পদ আজিও খালী হৈ আছে ৷ 1992 চনৰ পৰা আজি পৰ্যন্ত কোনো এখন মহাবিদ্যালয়ত নতুন অধ্যাপক-অধ্যাপিকাৰ পদ সৃষ্টি হোৱা নাই ৷ গতিকে এই কথাবোৰে শিক্ষকসকলক যথেষ্ট সমস্যাত পেলাইছে ৷ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি অসমৰ শিক্ষা খণ্ডৰ অৱস্থা দেশৰ আটাইতকৈ তলৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৷" সমাগত শিক্ষক দিৱস ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত আজি এইদৰে মন্তব্য প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi press conference about teachers day) ৷

ৰাজ্যৰ শিক্ষকসকলক লৈ হেতালি খেলিছে চৰকাৰে

দেওবাৰে অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত সভাপতি গগৈয়ে শিক্ষা ব্যৱস্থা প্ৰসংগত কয় যে পদে পদে অপমান কৰা হৈছে ৰাজ্যৰ শিক্ষকক। এইখন চৰকাৰৰ দিনত ইতিহাসৰ সৰ্বাধিক মানসিক নির্যাতনৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষক সমাজ ৷ অসমৰ শিক্ষা খণ্ডটোৰ মান বৰ্তমান চৰকাৰৰ দিনত আটাইতকৈ নিম্নগামী হৈছে ৷

বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ বছৰতকৈ অধিক কাল শিক্ষা বিভাগটো চলোৱাৰ পিছত বৰ্তমানে ৰাজ্য চৰকাৰৰ মুৰব্বীৰ দায়িত্ব লৈছে ৷ তাৰ পিছতো অসমৰ শিক্ষা খণ্ডটো সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাটো দুর্ভাগ্যজনক ৷

ইয়াৰোপৰি সভাপতিগৰাকীয়ে কয় যে শিক্ষা খণ্ডৰ উন্নয়ন হোৱা বুলি চৰকাৰীভাৱে চলাই থকা প্ৰচাৰ যে ভুৱা আছিল সেয়া প্ৰমান হ'ল । এয়া চৰকাৰ আৰু সৰ্বাধিক কাল শিক্ষা বিভাগ চলোৱা হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ প্ৰমান ৷ সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ শিক্ষক সমাজ সমান্তৰালভাৱে চৰকাৰৰ মানসিক নির্যাতনৰো চিকাৰ হৈছে ৷ এনে মানসিক নির্যাতন শিক্ষক সমাজে স্বাধীনতাৰ পিছত আন কোনো চৰকাৰৰ দিনতে পোৱা নাছিল ৷

৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনটোতে ৰাজ্যৰ বিভিন্ন শিক্ষক সংগঠনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা বা শিক্ষক দিৱস বৰ্জনৰ কাৰ্যসূচী ল'বলগা পৰিস্থিতিৰ সৃষ্টি হোৱাটো দুর্ভাগ্যজনক ৷ অসমত প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত বিদ্যালয় আছে ৩৪ হাজাৰ । এইসমূহ বিদ্যালয়ত কৰ্মৰত শিক্ষকৰ সংখ্যা ১ লাখ ২২ হাজাৰৰ ওপৰত। তাৰ ভিতৰত ঠিকা ভিত্তিক শিক্ষক আছে প্ৰায় ২২ হাজাৰ ।

২০১৭ চনৰ পৰা বৰ্তমানলৈ প্ৰায় ৯ হাজাৰখন বিদ্যালয় বন্ধ কৰি দিয়া হৈছে । ৰাজ্যৰ প্ৰায় প্ৰতিখন বিদ্যালয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত অতিশয় দুৰ্বল ৷ আনহাতে দৰমহাৰ ক্ষেত্ৰত শিক্ষকসকলক সদায় বঞ্চনা কৰি অহা হৈছে ৷ প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত প্ৰায় ৪ হাজাৰ ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি চৰকাৰে নিয়মীয়া নকৰিলে ৷

তেওঁ লগতে কয় যে চৰকাৰে শিক্ষকসকলক বিভিন্ন ধৰণৰ অনুষ্ঠান-কাৰ্যসূচীৰ লগতে অনা শৈক্ষিক কাম-কাজত অতি ব্যস্ত ৰাখি তেওঁলোকৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰাৰ বিষয়টোও ৰাইজে লক্ষ্য কৰি আহিছে ৷ গগৈয়ে এই সংবাদমেলখনত শিক্ষকসকলৰ অধিকাৰ আৰু দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷

লগতে পঢ়ক:2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ

ABOUT THE AUTHOR

...view details