অসম

assam

নৱবৰ্ষত আৰু তীব্ৰতৰ হ’ব চালকৰ সুৰাপান নিৰ্ণয়ৰ পৰীক্ষা: পল্লৱ গোপাল ঝা

By

Published : Dec 29, 2021, 8:44 PM IST

কঠোৰ হৈছে মহানগৰ জিলা প্ৰশাসন ৷ নৱবৰ্ষত তীব্ৰতৰ হ’ব চালকৰ সুৰাপান নিৰ্ণয়ৰ পৰীক্ষা । ঠাই বিশেষে মহানগৰ জিলা প্ৰশাসনে গঠন কৰি দিছে পৃথক নিৰীক্ষণকাৰী দল (Task Force formed for new year celebrations in Guwahati) ৷

dc office meeting for drunken drive
নৱবৰ্ষত আৰু তীব্ৰতৰ হ’ব চালকৰ সুৰাপান নিৰ্ণয়ৰ পৰীক্ষা

গুৱাহাটী, 29 ডিচেম্বৰ : নতুন বছৰলৈ মাজত মাথো দুটা দিন । নৱবৰ্ষ উদযাপনৰ উৎসাহ-উদ্দীপনাৰ মাজত কোনো পৰিয়াললৈ পথ দুৰ্ঘটনাৰ বাবে যাতে কাল অমানিশা নামি নাহে, তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই কঠোৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ।

নৱবৰ্ষ উদযাপনৰ নামত পথ দুৰ্ঘটনা যাতে সংঘটিত নহয়, সেই উদ্দেশ্য আগত ৰাখি বুধবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আবকাৰী বিভাগ, জিলা পৰিবহণ বিভাগ আদিৰ বিষয়-ববীয়াৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় এখন সভা । এই সভাতে জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, বিপুল কুমাৰ দাস, ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাৰ উপৰিও সকলো ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত উপস্থিত থকা সভাত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে আগন্তুক ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত প্ৰশাসনৰ প্ৰায় সকলো বিষয়া জিলাখনৰ নিৰীক্ষণ কাৰ্যত নিয়োজিত থাকিব বুলি ব্যক্ত কৰে (Task Force formed for new year celebrations in Guwahati) ।

ইতিমধ্যে মদ্যপান কৰি কোনো চালকে যাতে গাড়ী চলাব নোৱাৰে (Guwahati traffic police action against drunk drivers), তাৰ পৰীক্ষা তীব্ৰতৰ কৰাৰ বাবে কেবাটাও ‘ইনহেলাৰ এনালাইজাৰ’ জিলাত সংযোজন কৰা হৈছে ।

ইয়াৰোপৰি একোজনকৈ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত চলা নৱবৰ্ষৰ অনুষ্ঠান তথা বাৰ-হোটেলসমূহ পৰ্যবেক্ষণ কৰিব পৰাকৈ একোটাকৈ নিৰীক্ষণকাৰী দল গঠন কৰি দিছে জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পল্লৱ গোপাল ঝায়ে (Pallav Gopal Jha) । এই নিৰীক্ষণকাৰী দলসমূহ বিভিন্ন ঠাইৰ তদাৰকৰ দায়িত্বত থাকিব ।

আনহাতে, বনভোজৰ দলৰ চালকসকলকো ভালদৰে নিৰীক্ষণ কৰা হ’ব । একেদৰে নিৰীক্ষণ কৰা হ’ব অলা, উবেৰ আদিৰ চালকসকলকো । সভাত অতিৰিক্ত উপায়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকাই অকনো সুৰুঙা নথকাকৈ নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিৰীক্ষণকাৰী দলসমূহৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক :Fine for driving without helmet: হেলমেট পৰিধান নকৰি আৰক্ষীয়ে ভৰিলে জৰিমনা

ABOUT THE AUTHOR

...view details