অসম

assam

Jayanta Hazarika death anniversary: ৰাণাদাৰ কোনটো গীত প্ৰিয় হোৱাৰ পিচতো গাব নোখোজে পত্নী মনীষা হাজৰিকাই ?

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:17 AM IST

Updated : Oct 15, 2023, 8:39 AM IST

স্বামী হিচাপে কেনে আছিল জয়ন্ত হাজৰিকা ? মনীষা হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ মাজত প্ৰেম কেনেকৈ হৈছিল ? ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত শিল্পীগৰাকীৰ বিষয়ে বহু নজনা কথা জনালে পত্নী মনিষা হাজৰিকাই ।

Assamese vocalist Jayanta Hazarika
Jayanta Hazarika death anniversary

মনিষা হাজৰিকাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, ১৫ অক্টোবৰ: আজি দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু দিন । ৰাণাদা বিহীনভাৱে অসমীয়াই পাৰ কৰিলে ৪৬ টাকৈ বছৰ ৷ আজি মৰিগাঁৱত চৰকাৰীভাৱে উদযাপন কৰা হৈছে প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ ৪৬ সংখ্যক মৃত্যু বাৰ্ষিকী ।

১৯৭৭ চনৰ আজিৰ দিনটোতেই কলিকতাত মাত্ৰ ৩৪ বছৰ বয়সত সকলোকে কন্দুৱাই নিয়তিৰ কোলাত চিৰদিনৰ বাবে শুই পৰিছিল অসমবাসীৰ প্রিয় শিল্পীগৰাকী । জীৱনৰ ৩৪ টা বছৰত অসমৰ সংগীত জগতলৈ বহুকেইটা কালজয়ী গীত উপহাৰ হিচাপে দি থৈ গৈছে শিল্পীগৰাকীয়ে ।

আজি এই দিনটোত তেখেতৰ বিষয়ে কিছু আভাস ল’বলৈ ই টিভি ভাৰত কাষ চাপিছিল জয়ন্ত হাজৰিকাৰ পত্নী মনীষা হাজৰিকাৰ ৷ শিল্পীগৰাকীক স্মৰণ কৰি পত্নী মনীষা হাজৰিকাই কয়, ‘‘জয়ন্ত হাজৰিকাৰ গীত সমূহ নৱ প্ৰজন্মই খুব ভালদৰে আঁকোৱালি লৈছে ৷ এই কথাটোৱে মোক খুৱ আপ্লুত কৰে ।’’

জয়ন্ত হাজৰিকাৰ বেছিভাগ গীতৰ কথা আছিল নিৰ্মলপ্ৰভা বৰদলৈ আৰু হেমন্ত দত্তৰ । এই সন্দৰ্ভত মনীষা হাজৰিকাই মন্তব্য কৰি কয়, ‘‘নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ গীতৰ লগতে কিন্তু তেখেতে বহু কেইগৰাকী গীতিকাৰৰ গীতত সুৰ দিছিল । বাইদেউ আৰু জয়ন্ত হাজৰিকাৰ গানৰ এই যি সম্পৰ্ক, সেয়া খুব ভাল আছিল । সেয়ে চাগৈ ইমান সুন্দৰ সুন্দৰ গীতৰ সৃষ্টি হৈছিল ।’’

‘‘এগৰাকী পত্নী হিচাপে মই জয়ন্ত হাজৰিকাৰ বিষয়ে এইটোৱে ক’ম, মই যিমান দিন তেওঁৰ লগত সংসাৰ কৰিছিলোঁ তেওঁক মই স্বামী বা পিতৃ হিচাপে সেই কেইদিনত যি দৰে দেখিছিলো সেইটো কিন্তু সচৰাচৰ দেখা পোৱা নাযায় । কলিকতাত মই তেওঁক লগ পাইছিলোঁ । কলিকতাত বহু কেইটা কাম আমি একে লগে কৰিছোঁ । তাৰ মাজতেই তেওঁ মোক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ কথা দিয়া মতেই প্ৰেম নিবেদনৰ পাঁচ বছৰৰ পিচত আমাৰ বিয়া হৈছিল ৷’’ মনীষা হাজৰিকাই কয় ৷

ইয়াৰ লগতে জয়ন্ত হাজৰিকাৰ সৈতে সুৰ বাহিনীৰ হৈ সংগীত পৰিবেশন কৰা, তেওঁৰ গীতসমুহ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে বৰ্তমান কৰি থকা পৰিকল্পনা সন্দৰ্ভত বহুখিনি কথা অৱগত কৰিলে শিল্পী পত্নীয়ে ৷

লগতে পঢ়ক:Tribute to Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকালৈ ৪৬ সংখ্যক মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম

Last Updated : Oct 15, 2023, 8:39 AM IST

ABOUT THE AUTHOR

...view details