অসম

assam

Heroin business in Guwahati: পাঞ্জাবাৰীত ১৭০ গ্ৰাম হেৰ’ইনসহ গ্ৰেপ্তাৰ মহিলা ড্ৰাগছ ব্যৱসায়ী

By

Published : Feb 17, 2023, 12:44 PM IST

গুৱাহাটীত পুনৰ ড্ৰাগছ জব্দ (Drugs seized at Guwahati) ৷ লগতে এগৰাকী মহিলাকে ধৰি দুজন ড্ৰাগছ সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Anti drugs mission at Guwahati
পাঞ্জাবাৰীত ড্ৰাগছ সহ মহিলা আটক

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ ৰাজ্যত নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ আৰু প্ৰচলন বন্ধ কৰিবলৈ অসম আৰক্ষীয়ে ধাৰাবাহিক ভাবে অভিযান চলাইছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও আৰক্ষীৰ চকুত ধূলি দি গোপনে একাংশই চলাই গৈছে ড্ৰাগছৰ বিক্ৰী আৰু সৰবৰাহ (Anti drugs mission in Assam)।

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অব্যাহত আছে গুৱাহাটী মহানগৰীতো ।এই অভিযানৰ অংশ স্বৰূপে বুধবাৰৰ নিশা সাতগাঁও থানাৰ আৰক্ষীৰ এটা দলে মহানগৰীৰ পাঞ্জাবাৰীত চলায় অভিযান (Guwahati Police Anti-Drug Operation) ৷ নৱজ্যোতি নগৰৰ চান কুমাৰ দাসৰ বাসগৃহত সাতগাঁও থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ অভিযানকালত বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সাতগাঁও আৰক্ষী ৷ ইয়াৰে এগৰাকী মহিলা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

পাঞ্জাবাৰীত ড্ৰাগছ সহ মহিলা আটক

অৱশ্যে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী চান কুমাৰ দাসে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত সৰবৰাহকাৰী কেইটা হৈছে পাঞ্জাবাৰী নৱজ্যোতি নগৰৰ মামণি দাস ওৰফে মৰমী দাস (৩৪) আৰু মণিপুৰৰ মনিৰুল হুছেইন ওৰফে চাদ্দাম হুছেইন (২৫) ৷ আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ১৫ টা হেৰ’ইনৰ পেকেট আৰু ১৭০ গ্ৰাম নিষিদ্ধ হে'ৰইন জব্দ কৰে । মন কৰিবলগীয়া যে ,ড্ৰাগছ ব্যৱসায়ী মামণি দাস আৰু চান কুমাৰ দাস সম্পৰ্কত স্বামী স্ত্ৰী (Husband wife running heroin business in Guwahati) ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে নৱজ্যোতি নগৰৰ চান কুমাৰ দাসৰ বাসগৃহত দীৰ্ঘদিন ধৰি চলি আহিছিল ড্ৰাগছৰ বেহা । এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰৰ নিশাৰ ভাগত সাতগাঁও আৰক্ষীয়ে চান কুমাৰ দাসৰ বাসগৃহত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান ((Anti drugs mission at Guwahati) । আনহাতে আটকাধীন মনিৰুল হুছেইন ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ সূত্ৰে জব্দকৃত ড্ৰাগছখিনি মামণি দাস আৰু চান কুমাৰ দাসৰ পৰা ক্ৰয় কৰি অনাৰ সময়তে সাতগাঁও আৰক্ষীয়ে হাতে লোতে ধৰা পেলায় ।

ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ধ্বংসৰ গৰাহত পৰিছে বহু যুৱক-যুৱতীৰ জীৱন-যৌৱন ৷ তদুপৰি সৰ্বস্বান্ত হৈছে একো একোখন ঘৰ ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্ম তথা সমাজখনক উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ ড্ৰাগছ বিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক :Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details