অসম

assam

একেডোখৰ মাটিকে বিক্ৰী কৰিব পাৰি এজনতকৈ অধিক লোকক ! কিন্তু কেনেকৈ ?

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 10:20 PM IST

এই প্ৰতিবেদন পঢ়ি চকু কপালত উঠিব আপোনাৰ ৷ মাটিৰ দালাল চক্ৰ কিমান তললৈ নামি পইচাৰে ওপৰলৈ উঠিছে, সেই কথা জানি মাটি কিনাৰ আগত মনলৈ আহিব এশ-এবুৰি চিন্তা ৷ আগলৈ...

lat mandal in police net
জালিয়াতিৰে মাটিৰ নাম হস্তান্তৰ কৰা

গুৱাহাটী, ২৫ নৱেম্বৰ : জালিয়াতিৰে মাটিৰ নাম হস্তান্তৰ কৰা গোচৰত এইবাৰ আৰক্ষীৰ জালত পৰিছে লাটমণ্ডল । দিছপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল নলবাৰী কমাৰকুছিৰ 58 বছৰীয়া বাপধন দাস পৰিল জালত । এই গোচৰত ইতিমধ্যে আৰক্ষীয়ে কামৰূপ (মেট্ৰ’)ৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস, দিছপুৰ ৰাজহ চক্ৰৰ ডাটা এণ্ট্ৰি অপাৰেটৰ ধ্ৰুৱ জ্যোতি বৰ্মন, অধিবক্তা মাইনুল হক আৰু দালাল তাপস চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে ।

লাটমণ্ডল বাপধন দাস

উল্লেখ্য যে, মহানগৰীৰ কোটিটকীয়া মাটি অবৈধভাৱে হস্তান্তৰ কৰা মাটি দালাল চক্ৰ মহানগৰ আৰক্ষীয়ে উৎখাত কৰাৰ পিচতে জালিয়াতিৰে মাটি হস্তান্তৰ কৰাৰ তথ্য পোহৰলৈ আহিছে । এই দালাল চক্ৰটোত একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী আৰু অধিবক্তা, লাট মণ্ডল জড়িত হৈ আছে । বশিষ্ঠ থানাত এজন ভুক্তভোগী লোকে দিয়া এজাহাৰৰ ভিত্তিত ৬৪৫/২৩ নম্বৰত এটি গোচৰ ৰুজু হোৱাৰ লগতে দিছপুৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰ ভিত্তিত ১২/২৩ নম্বৰত গোচৰ ৰুজু কৰি তদন্তত পোহৰলৈ আহে ভূমি কেলেংকাৰীৰ কলা অধ্যায় ।

ভুৱা নথিৰ জৰিয়তে এডোখৰ মাটিকে দহজন লোকক বিক্ৰী কৰাৰ দৰে বহুত ঘটনা বহু আগৰ পৰাই ঘটি আহিছে । ভুৱা নামজাৰিৰ কৱলত পৰা অসহায় লোকক এইক্ষেত্ৰত শীঘ্ৰে আৰক্ষী থানাৰ কাষ চাপিবলৈ আহ্বান জনাইছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই । লক্ষণীয় বিষয় যে, বৃহৎ কমিছনৰ অংক থকা এই ভুৱা কাৰবাৰত জড়িত বহুকেইটা চক্ৰৰ বিষয়ে ইতিমধ্যে আৰক্ষীয়ে অৱগত হৈছে ।

উক্ত চক্ৰসমূহত দালালৰ লগতে চৰকাৰী বিষয়া-কর্মচাৰী একাংশও জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে । সমগ্ৰ প্ৰক্ৰিয়াটো দীঘলীয়া হ’ব যদিও উক্ত চক্ৰক উৎখাত কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :চৰকাৰী কৰ্মচাৰীৰ পৰা অধিবক্তালৈ জড়িত ভূমিৰ নথি জালিয়াতিত

ABOUT THE AUTHOR

...view details