ETV Bharat / state

চৰকাৰী কৰ্মচাৰীৰ পৰা অধিবক্তালৈ জড়িত ভূমিৰ নথি জালিয়াতিত

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 5:17 PM IST

Guwahati Land Record Fraud Case
জালিয়াতিৰে মাটি হস্তান্তৰ কৰা ন ন তথ্য পোহৰলৈ

অবৈধভাৱে মাটি হস্তান্তৰ কৰা দালাল চক্ৰ উৎখাত কৰাৰ পিছতে জালিয়াতিৰে মাটি হস্তান্তৰ কৰা ন ন তথ্য পোহৰলৈ আহিছে ৷ এই চক্ৰটোত আছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু অধিবক্তা ৷

গুৱাহাটী, 25 নৱেম্বৰ : মহানগৰ আৰক্ষীয়ে অবৈধভাৱে মাটি হস্তান্তৰ কৰা দালাল চক্ৰ উৎখাত কৰাৰ পিছতে জালিয়াতিৰে মাটি হস্তান্তৰ কৰা ন-ন তথ্য পোহৰলৈ আহিছে ৷ এই দালাল চক্ৰটোত আছে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ আৰু অধিবক্তা ৷ দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিয়োজিত ডাটা এন্ট্ৰি অপাৰেটৰ গণেশপাৰাৰ ধ্ৰুৱজ্যোতি বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ জালত পৰিছিল অধিবক্তা মইনুল হক, কামৰূপ মহানগৰ জিলাৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক নিতুল দাস, দালাল তাপস চৌধুৰী ৷

বশিষ্ঠ থানাত এজন ভুক্তভোগীয়ে দিয়া এজাহাৰৰ ভিত্তিত 645/23 নম্বৰত এটি গোচৰ ৰুজু হোৱাৰ লগতে দিছপুৰ ৰাজহ চক্ৰ বিষয়া পাপু গগৈয়ে ভুৱা নামজাৰি সন্দৰ্ভত চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ এই এজাহাৰ ভিত্তিত 12/23 নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰা তদন্তত পোহৰলৈ আহে ভূমি কেলেংকাৰীৰ ক’লা অধ্যায় ৷

কিদৰে আৰম্ভ হয় ভূমিৰ তথ্য-পাতিৰ জালিয়াতিৰ প্ৰক্ৰিয়া-

দালাল চক্ৰটোৱে চৰকাৰী-বেচৰকাৰী উভয় পক্ষৰ সহযোগত দীর্ঘদিনৰ পৰা বিশেষকৈ গুৱাহাটীত অবৈধভাৱে ভূমিৰ নথি জালিয়াতি কৰি আহিছে ৷ মূলতঃ তিনিটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে পৰিচালিত হয় ভুৱা নামজাৰিৰ প্ৰক্ৰিয়া ৷ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জনোৱা অনুসৰি যিকোনো এডোখৰ মাটি ক্ৰয়-বিক্ৰয়ৰ সময়ত প্ৰথমতে সংশ্লিষ্ট জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন কৰাব লাগে ৷ মাটিডোখৰ কিনা-বেচা কৰা উভয়পক্ষই উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈ সোঁশৰীৰে গৈ স্বাক্ষৰ, আবেদন জমা তথা বায়'মেট্ৰিক্স তথ্য প্ৰদানকে ধৰি আনুষংগিক কামবোৰ কৰাটো নিয়ম ৷ যদি কিবা কাৰণত উভয় পক্ষ উপ-পঞ্জীয়কৰ কার্যালয়ত উপস্থিত থাকিব নোৱাৰে তেতিয়া আন এটা প্ৰক্ৰিয়া আছে, যিটোক 'কমিছনিং' বুলি জনা যায় ৷

এই প্ৰক্ৰিয়াত নিয়মমতে উপ-পঞ্জীয়কৰ কাৰ্যালয়ৰ কর্তৃত্বপ্ৰাপ্ত কর্মচাৰীয়ে মাটি কিনা অথবা বেচা লোকজনৰ ঘৰলৈ গৈ স্বাক্ষৰকে ধৰি আন নিয়মবোৰ সম্পাদন কৰি এখন জাননী দি থৈ আহিব লাগে ৷ দেখাত সাধাৰণ যেন লাগিলেও প্ৰক্ৰিয়াটোৰ পৰা আৰম্ভ হয় নামজাৰিৰ জালিয়াতিৰ প্ৰাথমিক কাম-কাজ ৷ ভূ-মাফিয়া চক্ৰই প্ৰথমতে ভাল মাটি যদিহে ক'ৰবাত প্ৰত্যক্ষ কৰে, তেতিয়া উপ-পঞ্জীয়কৰ কার্যালয়লৈ আহি তাৰ খবৰ লৈ মাটিডোখৰৰ দাগ নং, পট্টা নং সংগ্ৰহ কৰে ৷ তাৰ পিছত যদিহে মাটিখিনি দখল থকা পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল হয়, তেন্তে কমিছনিং পদ্ধতিটোৰ জৰিয়তে ভুৱাকৈ লোকজনৰ মাটিডোখৰ বিক্ৰী কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি-পত্ৰ, জাননী প্ৰস্তুত কৰি উপ-পঞ্জীয়কৰ কাৰ্যালয়ত পূৰ্বৰে পৰা থকা তেওঁলোকৰ চৰকাৰী এজেন্টক দিয়ে ৷

তাৰ পিছত উপ-পঞ্জীয়ক কাৰ্যালয়ৰ দুর্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী-বিষয়াই নিজৰ অধিবক্তাৰ সৈতে আলোচনা কৰি ভুৱাকৈ দুই পক্ষৰ বিক্ৰী দলিল প্ৰস্তুত কৰে ৷ ভুৱা বিক্ৰী দলিলখন প্ৰস্তুত কৰোঁতে চক্ৰটোৱে এনেভাৱে কৰে যাতে 1998 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে মাটিখিনি যাতে উপ-পঞ্জীয়কৰ কার্যালয়ত পঞ্জীয়ন হৈ থাকে ৷ তাৰ পিছত এই ভুৱা বিক্ৰী দলিলখন কিবাপ্ৰকাৰে পঞ্জীয়ন কৰি তাৰ প্ৰতিলিপি লিপিবদ্ধ কৰিবলৈ নিৰ্ধাৰিত চনটোৰ ভলিউম ৰেজিষ্টাৰখন কাৰ্যালয়ৰ পৰা উলিয়াই আনে ৷ চৰকাৰী নিয়ম মতে যিকোনো মাটি যিটো বৰ্ষত কিনা-বেচা কৰা হয়, সেই বর্ষৰ ভলিউম ৰেজিষ্টাৰত বিক্ৰী দলিলত লিখা কথা একে ধৰণেই লিপিবদ্ধ কৰাটো বাধ্যতামূলক ৷

এই কথা লিপিবদ্ধ কৰাৰ বাবে উপ-পঞ্জীয়ক কাৰ্যালয়ত চৰকাৰী কর্তৃত্বপ্ৰাপ্ত কপিষ্ট থাকে ৷ কিন্তু ভূ-মাফিয়াৰ সৈতে জড়িত চক্ৰটোৱে ভুৱা বিক্ৰী দলিল কপিষ্টৰ দ্বাৰা লিপিবদ্ধ নকৰি নিজাকৈ ভলিউম ৰেজিষ্টাৰত লিপিবদ্ধ কৰি থয় ৷ এই কামখিনি সম্পূর্ণ হোৱাৰ পিছত ভুৱা বিক্ৰী দলিলখন হেৰুওৱা বুলি আৰক্ষী থানাত গোচৰ দিয়ে অপৰাধী চক্ৰটোৱে ৷ তাৰ পিছত এই গোচৰৰ নথিৰ সহায়ত স্বীকৃতিপ্ৰাপ্ত প্ৰতিলিপি বিচাৰি পুনৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত আবেদন কৰে ভূ- মাফিয়াই ৷ কাৰ্যালয়ৰ পৰা চৰকাৰীভাৱে ছীল-মোহৰ মৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিলিপি অর্থাৎ চাৰ্টিফাইড কপী পোৱাৰ পিছত মাটি যাৰেই নহওক কিয়, তেওঁৰ দখলীস্বত্ব পুনৰ নাথাকে ৷ তাৰ পিছতেই মাটিৰ গৰাকীক বলপূৰ্বকভাৱে হওক বা ভুৱা নথিৰ আধাৰত আইনৰ ভাবুকি দেখুৱাই মাটিখিনি দখল কৰি আন লোকক বিক্ৰী কৰে ৷

আৰক্ষী আয়ুক্ত বৰাই কয় যে এনেদৰে প্ৰস্তুত কৰা ভুৱা নথিৰ বাবেই এডোখৰ মাটি 10 জন লোকক বিক্ৰী কৰা ঘটনা ঘটি আহিছে ৷ এই দালাল চক্ৰৰ কবলত পৰা অসহায় লোকক এইক্ষেত্ৰত শীঘ্ৰে আৰক্ষীৰ কাষ চাপিবলৈ তেওঁ আহ্বান জনায় ৷ লক্ষণীয় যে বৃহৎ কমিছনৰ অংক থকা এই ভুৱা কাৰবাৰত জড়িত বহুকেইটা চক্ৰৰ কথা ইতিমধ্যে আৰক্ষীয়ে জানিব পাৰিছে ৷ এই চক্ৰ সমূহত দালালৰ লগতে চৰকাৰী বিষয়া-কর্মচাৰী একাংশও জড়িত থকাৰ কথা সদৰী কৰি আয়ুক্ত বৰাই কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব যদিও এই চক্ৰক উৎখাত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

নামজাৰিৰ নথি জালিয়াতিৰে 10 বছৰত 6 কোটি টকাৰ সম্পত্তিৰ মালিক হোৱা‌ কোন এই নিতুল দাস ?

কামৰূপ মহানগৰ জিলা আয়ুক্তৰ উপ-পঞ্জীয়ন শাখাৰ কনিষ্ঠ সহায়ক নলবাৰী মুকালমুৱাৰ নিতুল দাস ৷ নিতুল দাসৰ সম্পত্তিয়ে চকু কপালত তুলিছে মহানগৰ আৰক্ষীৰ ৷ 2008 চনত চৰকাৰী চাকৰিত নিযুক্তি পোৱা নিতুল দাসে 2013 চনত গুৱাহাটীৰ উপ-পঞ্জীয়ক কাৰ্যালয়ত কনিষ্ঠ সহায়ক হিচাপে যোগদান কৰিছিল ৷ আৰম্ভণিতে খাৰঘুলিৰ বনকোঁৱৰ নগৰত ভাৰাঘৰত থকা নিতুল দাসে আলাউদ্দিনৰ চাকি স্বৰূপে চৰকাৰী চাকৰিটো যেন লাভ কৰিছিল ৷ 20213 চনৰ পৰা 2023 চনলৈ 10 বছৰ কাল চাকৰি কৰিয়েই প্ৰায় 6 কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিল কনিষ্ঠ সহায়ক নিতুল দাস ৷ নিতুল দাসে উপ-পঞ্জীয়ক কার্যালয়ত মূলতঃ ভলিউম বুকৰ সৈতে জড়িত আছিল ৷ ভূমাফিয়া চক্ৰৰ সৈতে লগ লাগি মোটা অংকৰ কমিছনৰ বিনিময়ত নামজাৰি প্ৰক্ৰিয়াত জালিয়াতি কৰিছিল নিতুল দাসে ৷

লগতে পঢ়ক : ২০১৭ চনতে দোষী প্ৰমাণিত হৈয়ো কিয় গ্ৰেপ্তাৰ হোৱা নাছিল ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.