অসম

assam

অসম মেঘালয় সীমান্তৰ ৰাণীত বাহনসহ চোৰাং কাঠ জব্দ

By

Published : Jun 22, 2021, 2:37 PM IST

মেঘালয়ৰ দিশৰ পৰা আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি এখন চাৰিচকীয়া বাহনত কৌশলৰে সৰবৰাহ কৰা অৱস্থাত লক্ষাধিক টকা মূল্যৰ মূল্যবান কাঠ জব্দ কৰে বন বিভাগে ৷

অসম মেঘালয় সীমান্তৰ ৰাণীত বাহনসহ চোৰাং কাঠ জব্দ
অসম মেঘালয় সীমান্তৰ ৰাণীত বাহনসহ চোৰাং কাঠ জব্দ

গুৱাহাটী, 22 জুন:গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৰ ৰাণীৰ গণপতিত সোমবাৰে মাজনিশা ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকর্মীৰ এটা তহলদাৰী দলে অভিযান চলাই বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । মেঘালয়ৰ দিশৰ পৰা আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি খবৰ লাভ কৰি এখন লঘু চাৰিচকীয়া বাহনত কৌশলৰে সৰবৰাহ কৰা অৱস্থাত প্ৰায় এক লাখ টকা মূল্যৰ মূল্যবান কাঠ জব্দ কৰে বন বিভাগে ।

প্ৰাপ্ত খবৰ মতে, বন বিভাগৰ পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ'((DFO)ভাস্কৰ ডেকাই মেঘালয়ৰ দিশৰ পৰা গণপতি হৈ ৰাণীলৈ মাজনিশা চোৰাং কাঠ আহিব বুলি গোপন সূত্ৰে জানিব পাৰি ৰাণীৰ বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনক অঞ্চলটোত নিশাৰ ভাগত তহল দিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনৰ নেতৃত্বত বনকর্মীৰ এটা দলে গণপতি সংযোগী পথত সন্ধিয়াৰ পৰা তহল দি থাকে ৷

অসম মেঘালয় সীমান্তৰ ৰাণীত বাহনসহ চোৰাং কাঠ জব্দ

অৱশেষত সোমবাৰে মাজনিশা প্ৰায় ১১.৩০ মান বজাত A-AS-01DC-7712 নম্বৰৰ টাটা ডিআই ভান এখন আহি থকা প্ৰত্যক্ষ কৰে বনকর্মীৰ দলটোৱে । কিন্তু হেড লাইটৰ পোহৰত বনকর্মীৰ দলটোক দেখি বাহনখন পথৰ ওপৰতে ৰাখি চালককে ধৰি দুৰ্বৃত্তৰ দলটো আন্ধাৰৰ সুযোগ লৈ মেঘালয়ৰ দিশে পলাই যাবলৈ যত্ন কৰে । কিন্তু বন বিভাগৰ দলটোৱে কৌশলৰে অভিযান চলাই দুৰ্বৃত্তৰ দলটো জব্দ কৰিবলৈ সক্ষম হয় ৷

তাৰপাচতে বনকর্মীৰ দলটোৱে বাহনসহ কাঠখিনি ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয় চৌহদলৈ লৈ আহে । জব্দ কৰা কাঠখিনিৰ পৰিমাণ প্ৰায় ৫৫ ঘন ফুট আৰু বজাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি বনাঞ্চলিক বিষয়া মনোৰঞ্জন বৰ্মনে জানিবলৈ দিছে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ১৬ জুনত সন্ধিয়া ৰাণী-বঙৰা পথত বনকর্মীৰ দলে দুজন দুৰ্বৃত্তৰ লগতে বাহনসহ চোৰাং কাঠ জব্দ কৰিছিল ।

এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৰবৰাহ হৈ আছে চোৰাং কাঠ ৷ বনাঞ্চল ধ্বংস কৰি একাংশ দুৰ্বৃত্তই এইদৰে অবৈধভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ৷ বন বিভাগে অভিযান চলাইছে যদিও পুনৰ বন বিভাগৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰাং বেহা অব্যাহত ৰাখিছে ৷ সম্প্ৰতি সচেতন স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী সকলে এনেদৰে বন ধ্বংস কৰি চোৰাং কাঠৰ বেহা কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনাইছে ৷

লগতে পঢ়কঃ চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

ABOUT THE AUTHOR

...view details