অসম

assam

এহেজাৰ টকীয়া কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : May 18, 2020, 10:12 PM IST

লক ডাউনৰ সময়ত ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকসকলৈ আগবঢো়ৱা এহেজাৰ টকাৰ কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰিবলৈ জিলা উপায়ুক্ত সকলক নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । লগতে কেলেংকাৰীৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীযে ।

লক ডাউন
এহেজাৰ টকীয়া কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৮ মে': লক ডাউনৰ সময়চোৱাত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আচনিৰ কাৰ্ড নথকা লোকসকলক এহেজাৰ টকাকৈ আদায় দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিল । কিন্তু ৰাজ্যৰ বিভিন্ন অঞ্চলত এই ধন প্ৰদানৰ নামত সংঘটিত হৈছিল বৃহৎ কেলেংকাৰী । এই কথা পোহৰলৈ অহাত সোমবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ এক তাৎক্ষণিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত সকলক । লগতে যিসকল চৰকাৰী বিষয়া-কৰ্মচাৰী এই কেলেংকাৰীৰ সৈতে জড়িত তেওলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

এহেজাৰ টকীয়া কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰীয়ে জনতা ভৱনৰ পৰা ৰাজ্যৰ উপায়ুক্ত সকল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত ভাগ লয় । মুখ্যমন্ত্ৰীয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ বিভিন্ন আচনিৰ কামকাজ আগন্তুক তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ দিয়ে । এই কামৰ খতিয়ান প্ৰতি দহ দিনৰ মুৰে মুৰে খণ্ড উন্নয়ন বিষয়াসকলে উপায়ুক্তক দাখিল কৰিব লাগিব ।

আনহাতে, প্ৰব্ৰজিত শ্ৰমিকসকলক শীঘ্ৰে এনৰেগাৰ অধীনত কামত নিয়োগ কৰিবলৈও ভিডিঅ' কনফাৰেঞ্চত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । চৰকাৰৰ কোনো এখন আঁচনিৰ নামত যাতে কোনোধৰণৰ বিসংগতি নঘটে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ।

ABOUT THE AUTHOR

...view details