অসম

assam

জয়ন্ত হাজৰিকা উদ্যানত মদৰ আদ্দা

By

Published : Aug 29, 2019, 3:18 AM IST

জয়ন্ত হাজৰিকাৰ সোঁৱৰণত মহানগৰীৰ চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় ৰূপ ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ দায়িত্বত থকা উদ্যান খন এতিয়া জহি খহি যোৱাৰ পথত ৷ নিশাৰ অন্ধকাৰত উদ্যানখনত চলে মদৰ আড্ডা ৷ অকাল মৃত্যুক সাৱতা দৰদী শিল্পী ৰাণা দাৰ কালজয়ী সৃষ্টিক জীয়াই ৰখাৰ উদ্দেশ্যে সোঁৱৰণি উদ্যানখন নিৰ্মাণ কৰা হৈছিল ৷ তেখেতৰ স্মৃতিত চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় অৱস্থালৈ কেতিয়া চকু পৰিব GMDA ৰ তাকে লৈ ক্ষুব্ধ ৰাণা দাৰ গুণমুগ্ধ সকল ৷

জয়ন্ত হাজৰিকা উদ্যানত মদৰ আদ্দা

গুৱাহাটী, 29 আগষ্টঃ জয়ন্ত হাজৰিকাৰ সোঁৱৰণত মহানগৰীৰ চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় ৰূপ ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ দায়িত্বত থকা উদ্যান খন এতিয়া জহি খহি যোৱাৰ পথত ৷ উদ্যানখনত নজ্বলে এটাও লাইট, নিশাৰ অন্ধকাৰত উদ্যানখনত চলে মদৰ আড্ডা ৷ হাবি-বন তথা বিভিন্ন বেনাৰ পোষ্টাৰেৰে আৱৰি ধৰিছে উদ্যানখন ৷ অসমৰ সাংস্কৃতিক জগতৰ এজন অন্যতম উজ্বল নক্ষত্ৰ জয়ন্ত হাজৰিকা ৷ ৰাণা দা নামেৰেসদা পৰিচিত জয়ন্ত হাজৰিকাই পশ্চিমীয়া সংগীতক অসমীয়া সংগীতেৰে সজোৱা প্ৰথমজন অসমীয়া ৷ অসমৰ জনগণৰ বাবে একালৰ হিয়াৰ আমঠু হোৱা ৰাণা দাৰ সোঁৱৰণী উদ্যান খনৰ আজি এই অৱস্থা কিয় ? অকাল মৃত্যুক সাৱতি লোৱা দৰদী শিল্পী ৰাণা দাৰ কালজয়ী সৃষ্টিক জীয়াই ৰখাৰ উদ্দেশ্যে সোঁৱৰণি উদ্যানখন নিৰ্মাণ কৰা হৈছিল ৷ তেখেতৰ স্মৃতিত চান্দমাৰীত থকা উদ্যানখনৰ শোচনীয় অৱস্থালৈ কেতিয়া চকু পৰিব GMDA ৰ তাকে লৈ ক্ষুব্ধ ৰাণা দাৰ গুণমুগ্ধ সকল ৷

জয়ন্ত হাজৰিকা উদ্যানত মদৰ আদ্দা

ABOUT THE AUTHOR

...view details