অসম

assam

Zubeen Garg Health Update: জুবিন গাৰ্গৰ কাষত কেৱল পত্নীহে থাকিব পাৰিব কিছুদিনলৈ

By

Published : Jul 20, 2022, 11:04 PM IST

আয়ুৰসূন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত জুবিন গাৰ্গক ভৰ্তি কৰোৱাৰ পাছতে হাস্পতালৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক সম্বোধন কৰে ৷ শিল্পীগৰাকীৰ স্বাস্থ্যৰ শেহতীয়া খবৰ জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই (Zubeen Garg Health Update)৷

জুবিন গাৰ্গৰ কাষত কেৱল পত্নীহে থাকিব পাৰিব কিছুদিনলৈ
জুবিন গাৰ্গৰ কাষত কেৱল পত্নীহে থাকিব পাৰিব কিছুদিনলৈ

গুৱাহাটী, ২০ জুলাই: ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ যে, সম্প্ৰতি সুস্থ অৱস্থাত আছে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ । কালিৰ পুৱাতকৈ বৰ্তমান বেছি সুস্থিৰ জুবিন গাৰ্গ ৷ এই কথা সংবাদমাধ্যমক জনালে আয়ুৰসূন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কৰ্তৃপক্ষই ।

ডিব্ৰুগড়ৰ পৰা এয়াৰ এম্বুলেঞ্চযোগে আনি আয়ুৰসূন্দ্ৰা হাস্পতালত শিল্পীগৰাকী ভৰ্তি কৰোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে হাস্পতাল কৰ্তৃপক্ষই । কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি হাস্পতালখনৰ বিশেষ কোঠাত ৰখা হৈছে শিল্পীগৰাকীক । স্বাস্থ্যৰ পৰীক্ষাসমূহ কৰিবলৈও আৰম্ভ কৰা হৈছে । কাইলৈ চিটি স্কেন, এম আৰ আই আৰু ই চি জি কৰা হ’ব বুলি জানিবলৈ দিয়ে (Zubeen Garg Health Update)।

ডিব্ৰুগড়ৰৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গক মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে পৰিয়ালৰ ইচ্ছা অনুসৰি আয়ুৰসূন্দ্ৰা হাস্পতাললৈ স্থানান্তৰ কৰা হয় ৷ সম্প্ৰতি শিল্পীগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু চিন্তাৰ কাৰণ আছে বুলি মন্তব্য কৰি চিকিৎসালয় কৰ্তৃপক্ষই কয় যে ইয়াৰ বাবে ভয় কৰিবলগীয়া একো নাই । সংকটমুক্ত হৈ আছে জুবিন গাৰ্গ ।

জুবিন গাৰ্গৰ কাষত কেৱল পত্নীহে থাকিব পাৰিব কিছুদিনলৈ

জুবিন গাৰ্গৰ জিৰণিৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি আয়ুৰসূন্দ্ৰা হাস্পতালৰ কৰ্তৃপক্ষই জনায় যে, শিল্পীগৰাকীৰ ৰক্তচাপ আৰু হৃদস্পদন কিছু বেছি হৈ আছে (Health condition of Zubeen Garg)। জি এম চি এইচৰ চিকিৎসকৰ সহায় লোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি আয়ুৰসূন্দ্ৰা হাস্পতালৰ কৰ্তৃপক্ষই প্ৰয়োজন সাপেক্ষে বাহিৰৰ চিকিৎসক অনা হ’ব বুলিও জানিবলৈ দিয়ে । বাথৰূমত জুবিন গাৰ্গ পিছল খাই পৰিছিল নে মূৰ ঘূৰাই পৰিছিল সেই কথা এতিয়াও জানিবপৰা হোৱা নাই বুলি উল্লেখ কৰে ৷

পৰিয়ালৰ লোকৰ সৈতে জুবিন গাৰ্গে কথা পতা বুলি জানিবলৈ দি কয় যে কাইলৈ দিনৰ 12.30 বজাত জুবিন গাৰ্গৰ স্বাস্থ্যৰ শেহতীয়া তথ্য দিয়া হ’ব । সম্প্ৰতি হাস্পাতালখনৰ ডাঃ দ্বীপজ্যোতি পায়েং, ডাঃ চিমৰণজিৎ সিং, ডাঃ মৃদুল মহন্ত, ডাঃ বন্দনা সিংহা, ডাঃ পাৰ্থ প্ৰতীম কলিতা নেতৃত্বত চিকিৎসা আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ'ৰ্টত জুবিন গাৰ্গে বাহৰ পাতি থকা অৱস্থাত বাথৰূমত পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছিল (Zubeen Garg injured)৷ লগেলগে তেওঁক ডিব্ৰুগড়ৰৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় । মূৰত পাঁচটাকৈ চিলাই পৰা জুবিন গাৰ্গক বিয়লিলৈ এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে মহানগৰীৰ আয়ুৰসূন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হয়(Zubeen Garg at Ayursundra Hospital) । গুৱাহাটী বিমান বন্দৰৰ পৰা গ্ৰীণ কৰিডৰেৰে হাস্পতালখনলৈ লৈ অহা হয় শিল্পীগৰাকীক (Green corridor for Zubeen Garg) । সম্প্ৰতি আই চি ইউত ৰখা হৈছে জনপ্ৰিয় শিল্পীগৰাকীক ৷

লগতে পঢ়ক:Zubeen Garg Health Condition: গ্ৰীণ কৰিড’ৰৰ মাজৰে বিমানবন্দৰৰ পৰা আয়ুৰসূন্দ্ৰা হাস্পতাললৈ অনা হ’ল হাৰ্টথ্ৰ’বক

ABOUT THE AUTHOR

...view details