অসম

assam

২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

By

Published : Feb 24, 2021, 10:10 PM IST

অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে ৷

bharat bandh
২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰীঃ অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছেৱ আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে ৷ এক বিবৃতিত পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “শেহতীয়াকৈ জি এছটিৰ সংশােধনৰ নামত কেন্দ্রীয় চৰকাৰে দেশৰ ব্যৱসায়ীসকলৰ প্ৰতি প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে। এই সংশােধনীসমূহ যদি কার্যকৰী হয়, তেন্তে সমগ্র দেশৰ ব্যৱসায়ীসকলৰ জীৱনলৈ অন্ধকাৰ নামিব বুলি জগদীশ ভূঞাই মত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনােৱা ২৬ ফেব্ৰুৱাৰীৰ দেশজোৰা বন্ধৰ প্রতি এই পর্যন্ত দেশৰ ৪০ হাজাৰৰাে অধিক ব্যৱসায়ী সংগঠনে সমর্থন জনাইছে ৷ ৮ কোটিৰাে অধিক ব্যৱসায়ীয়ে সঁহাৰি জনাইছে ৷

লগতে পঢ়ক: অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

ABOUT THE AUTHOR

...view details