অসম

assam

BJP Slams Lurinjyoti Gogoi: অজাপৰ এক অসম যাত্ৰাক হাস্যকৰ আখ্যা বিজেপি নেতা লক্ষ্য কোঁৱৰৰ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:15 PM IST

অজাপৰ এক অসম যাত্ৰাক হাস্যকৰ কাৰ্যসূচী বুলি কটাক্ষ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ ৷ অবৈধ বাংলাদেশী মুছলমানৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে লুৰীণজ্যোতি গগৈ বুলি মন্তব্য নেতাজনৰ ৷

Lakhya Konwar Criticizes AJP President
লুৰীণজ্যোতি গগৈক বিজেপিৰ সমালোচনা

এক অসম যাত্ৰাক কটাক্ষ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰৰ

গুৱাহাটী, ২১ ছেপ্তেম্বৰ: সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা “এক অসম যাত্ৰা”ক এক হাস্যকৰ কাৰ্যসূচী বুলি কটাক্ষ কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে ৷ বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত সংবাদ মাধ্যমক সম্বোধন কৰি মুখপাত্ৰ লক্ষ্য কোঁৱৰে কয় যে লুৰীণজ্যোতি গগৈৰ এই যাত্ৰা সম্পূৰ্ণ ৰাজনৈতিক উদেশ্যপ্ৰণোদিত আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কল্যাণকামী ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে অপপ্ৰচাৰৰ এক অংশ ৷

কোঁৱৰে প্ৰশ্ন কৰি কয় যে ৰাজ্যৰ বিজেপি চৰকাৰৰ কোনটো নীতি বিভাজনকামী ? সেয়া লুৰীণজ্যোতি গগৈয়ে স্পষ্ট কৰা উচিত ৷ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে মন্তব্য কৰি কয়, “ধুবুৰীৰ পৰা এই যাত্ৰাৰ আৰম্ভ কিয় ? বাংলাভাষী মুছলমানৰ আগ্ৰাসন আমাৰ অসমৰ মূল সমস্যা ৷ তেঁওলোকৰ ঘাটিয়েই হৈছে ধুবুৰী ৷ এই যাত্ৰা 'এক অসম যাত্ৰা' নহয়, এয়া বাংলাদেশী মুছলমান ৰক্ষাৰ যাত্ৰা ৷ অবৈধ বাংলাদেশী মুছলমানৰ ৰক্ষকৰ ৰূপত অৱতীৰ্ণ হৈছে লুৰীণজ্যোতি গগৈ ৷"

বিজেপি নেতাজনে লগতে কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ সৰু-বৰ সকলো জনগোষ্ঠীক সামৰি একত্ৰিতভাৱে আগবঢ়াৰ সময়ত চৰকাৰখনক বিভাজনমুখী বুলি অভিহিত কৰাটো গৰিহণাযোগ্য ৷ মহাবীৰ লাচিত বৰফুকন, বিশ্ববীৰ চিলাৰায়কে ধৰি প্ৰতিটো জাতি-জনগোষ্ঠীৰ বীৰ-বীৰংগনাক এই চৰকাৰখনে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰি উপযুক্ত মৰ্যাদা প্ৰদান কৰিছে ৷

ইয়াৰ বিপৰীতে লুৰীণজ্যোতি গগৈৰ দৰে নেতাই নিতৌ অবৈধ বাংলাদেশী মুছলমান নাগৰিকৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ আহিছে আৰু সেইবাবেই ‘এক অসম যাত্ৰা’ আৰম্ভ হৈছে ধুবুৰীৰ পৰা ৷ অবৈধ বাংলাদেশীৰ হৃদপিণ্ড ধুবুৰীৰ পৰিৱৰ্তে খিলঞ্জীয়াৰ আদিভূমি শদিয়াৰ পৰা লুৰীণজ্যোতি গগৈয়ে এইযাত্ৰা আৰম্ভ কৰাৰ সৎ সাহস নকৰিলে বুলিও ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰে প্ৰশ্ন উৎত্থাপন কৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা আৰম্ভ কৰিছে এক অসম যাত্ৰা নামেৰে এক বিশেষ কাৰ্যসূচী ৷ সাম্প্ৰদায়িক তথা বিভেদৰ ৰাজনীতিৰ লগতে দুৰ্নীতি, ভ্ৰষ্টাচাৰ তথা একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে ধুবুৰীৰ পৰা শদিয়ালৈ সমন্বয়ৰ উদ্দেশ্যেৰে এই যাত্ৰা আৰম্ভ কৰা বুলি জানিবলৈ দিছে ৷ অসমৰ বিভিন্ন জিলাক সাঙুৰি লোৱা এই যাত্ৰাৰ অন্ত পৰিব শদিয়াত ৷

লগতে পঢ়ক :Protest at Mariani: চাহ শ্ৰমিকক বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ; বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

ABOUT THE AUTHOR

...view details