অসম

assam

ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

By

Published : Mar 22, 2022, 9:18 PM IST

তীৰ্যক মন্তব্যৰে বিজেপিক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰকাৰ বুলি অভিহিত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ(APCC criticizes BJP) ৷

Assam Pradesh Congress General Secretary Apurba Bhattacharjee criticized BJP
ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, 22 মাৰ্চ :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কটাক্ষ কৰে । মঙ্গলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সংবাদমাধ্যমযোগে বিজেপি চৰকাৰক কটাক্ষ কৰি ক'লে এনেদৰে(APCC criticizes BJP) ৷

তেওঁ কয় যে, "ৰাজ্যত এতিয়া পেট্ৰল, ডিজেল, ৰন্ধন গেছ, বিদ্যুতৰ মাচুলৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰীৰে দাম বৃদ্ধি হৈছে । ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিধায়ক বেচা কিনা ৰাজনীতি কৰি থাকোতে গুৱাহাটীৰ বজাৰত এতিয়া এটা নেমুৰ দামো ১৫ টকা হৈছে ।" এইবোৰ খবৰ কৃষি মন্ত্ৰী অতুল বৰাই ৰাখিছেনে বুলি উক্ত সংবাদমেলযোগে কৃষি মন্ত্ৰী অতুল বৰালৈ তেওঁ প্ৰশ্ন উত্থাপণ কৰে(APCC General Secretary Apurba Bhattacharjee)। ডিজেলৰ দাম বৃদ্ধিৰ ফলত কৃষকৰ পথাৰত এতিয়া বড়ো ধানৰ খেতি কৰিবলৈ মেছিনৰ বাবে ডিজেল কিনিবলৈ টকা নাই । সকলোতে এই দুৰৱস্থা ।

ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

তেওঁ কয় যে, "যিসকল গাড়ীৰ মালিকে পাঁচবছৰৰ পথ কৰ আদায় দিছে তেওঁলোকক চৰকাৰখনে আগন্তুক ১৫ বছৰৰ পথ কৰ আগতীয়াকৈ আদায় দিয়াৰ বাবে কৈছে, দৰাচলতে চৰকাৰৰ ভৰালত টকা শেষ হ'লে এনেধৰণৰ কথা কয় ।" ইপিনে যিবোৰ চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বিদ্যুতৰ মাচুল আদায় দিবলগীয়া আছিল, সেইসমূহে আদায় দিলেনে বুলি তেওঁ চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে । সাহস আছে যদি চৰকাৰক এই প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ দাবী জনায় । এনেধৰণে বহু তীৰ্যক মন্তব্যৰে বিজেপিক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক :জুনৰ ভিতৰত ১৬ হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ'ব: মুখ্যমন্ত্ৰী

TAGGED:

ABOUT THE AUTHOR

...view details