অসম

assam

Land grabbing allegation: জিলাই জিলাই প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ AJP ৰ

By

Published : Dec 20, 2021, 9:41 PM IST

Updated : Dec 20, 2021, 9:57 PM IST

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ জাতীয় পৰিষদৰ (AJP district committee's memorandum to PM) ৷ সবিশেষ জানো আহক ৷

ajp-demands-pm-an-inquiry-on-land-grabbing-allegation-against-cm-family
Land grabbing allegation: জিলাই জিলাই প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ AJP ৰ

গুৱাহাটী, ২০ ডিচেম্বৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগ(Land grabbing allegation on CM'S family)ৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ সোমবাৰে দলৰ জিলা সমিতিসমূহে প্ৰধানমন্ত্ৰীলৈ লিখা স্মাৰকপত্ৰ সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ হাতত অৰ্পন কৰে(AJP demands inquiry on land grabbing case) ৷

নগাঁও, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, বাক্সা, কামৰূপ, মৰিগাঁও, হোজাই, দৰং, শোণিতপুৰ, বৰপেটা, শিৱসাগৰ, হাইলাকান্দিকে ধৰি দলৰ আটাইকেইখন জিলা সমিতিয়ে উক্ত স্মাৰকপত্ৰসমূহ সংশ্লিষ্ট জিলা উপায়ুক্তৰ হাতত হাতত প্ৰদান কৰে ৷ আনহাতে স্মাৰকপত্ৰৰ একোটাকৈ প্ৰতিলিপি ডাকযোগেও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে দলৰ জিলা সমিতিমূহে (AJP district committee's memorandum to PM) ৷

এই সন্দৰ্ভত দলৰ সম্পাদক ৰাজু ফুকনে(AJP secretary Raju Phukon) অৱগত কৰে যে, যিহেতু অভিযোগটো ৰাজ্য চৰকাৰৰ মুৰব্বীগৰাকীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছে, সেয়ে ৰাজনৈতিক প্ৰভাৱত জিলা উপায়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাৰকপত্ৰখন প্ৰেৰণ নকৰাৰ সম্ভাৱনা বিদ্যমান ৷

এনে কাৰণতে জিলা উপায়ুক্তৰ হাতত অৰ্পন কৰা স্মাৰকপত্ৰৰ একোটাকৈ প্ৰতিলিপি ডাকযোগেও প্ৰেৰণ কৰা হয়৷ স্মাৰকপত্ৰৰ সৈতে দলৰ জিলা সমিতিসমূহে ভূমি কেলেংকাৰীৰ কিছু নথিও অতিৰিক্তভাৱে সংলগ্ন কৰি দিয়ে৷স্মাৰকপত্ৰৰ যোগেদি দলটোৱে ভূমি কেলেংকাৰীৰ তদন্ত উচ্চ বা উচ্ছতম ন্যায়ালয়ৰ তত্বাৱধানত চি বি আই বা প্ৰৱৰ্তন নিৰ্দেশালয় (ই ডি)ৰ দ্বাৰা কৰোৱাৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক :কংগ্ৰেছ এৰি পুনৰ এ আই ইউ ডি এফলৈ বিধায়ক শ্বেৰমান আলী আহমেদ !

Last Updated : Dec 20, 2021, 9:57 PM IST

ABOUT THE AUTHOR

...view details