অসম

assam

দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত হ'ব পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী

By

Published : Dec 8, 2021, 3:52 PM IST

পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী(150th birth anniversary of Padmanath Gohain Baruah) দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম আহোম সভা(All Assam Ahom Association)ই ৷ এই সন্দৰ্ভত বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে আহোম সভাৰ কেন্দ্ৰীয় সমিতিয়ে ৷

150th birth anniversary of Padmanath Gohain Baruah
পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী

গুৱাহাটী , ৮ ডিচেম্বৰ :অসম সাহিত্য সভাৰ প্রথমগৰাকী সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী(150th birth anniversary of Padmanath Gohain Baruah) দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম আহোম সভা(All Assam Ahom Association)ই ৷ এই সন্দৰ্ভত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে আহোম সভাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ সংবাদমেলত আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে কয়, ১৫-১৬ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ'ব বৰেণ্য সাহিত্যিক গৰাকীৰ জন্মজয়ন্তী ৷

শিৱসাগৰত অনুষ্ঠিত হ'বলগীয়া সাহিত্যিক গৰাকীৰ জন্মজয়ন্তীৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থকাৰ কথা জানিবলৈ দিয়ে আহোম সভাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ বৰেণ্য সাহিত্যক গৰাকীৰ জন্মজয়ন্তীৰ সৈতে সংগতিৰ ৰাখি তেওঁৰ স্মৃতিত প্ৰদান কৰা হ'ব বঁটা । চলিত বৰ্ষত এই বঁটা আগবঢ়োৱা হ'ব ড৹ অৰবিন্দ ৰাজখোৱাক ।

পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী

বুধবাৰৰ সংবাদমেলৰ জৰিয়তে আহোম সভাই অসম চৰকাৰক পদ্মনাথ গোহাঞি বৰুৱা(Padmanath Gohain Baruah)ৰ নামত বিশ্ববিদ্যালয় আৰু এখন উদ্যান প্ৰতিষ্ঠা কৰাৰ লগতে এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবেও দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, অসমীয়া জাতিৰ স্বাভিমান অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অন্যত্বম গুৰু দায়িত্ব গ্ৰহণ কৰা জাতিৰ পুৰোধা ব্যক্তি গৰাকীক অসম সাহিত্য সভাই স্বীকৃতি দিয়াতো কৃপণালি কৰাৰ অভিযোগ উত্থাপন কৰিছে আহোম সভাই ৷

লগতে পঢ়ক:Indian Army Chopper Crashed : কোন কোন আছিল অভিশপ্ত হেলিকপ্টাৰখনত ?

ABOUT THE AUTHOR

...view details