অসম

assam

Govt employees strike: কথা দি কথা ৰখা নাই চৰকাৰে; প্ৰতিবাদত নামিব চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:12 PM IST

‘‘স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অস্থায়ী কৰ্মচাৰীক লৈ ৰাজনীতি কৰিছে ৷ 11 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্ণাত বহিব ৰাজ্যৰ চাৰি হাজাৰতকৈ অধিক চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰীয়ে’’ । এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মী সংস্থাৰ সম্পাদক বাবুল দাসে ৷

Govt employees strike from 11th September
11 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্ণাত বহিব ৰাজ্যৰ চাৰি হাজাৰতকৈ অধিক চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰীয়ে

11 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্ণাত বহিব ৰাজ্যৰ চাৰি হাজাৰতকৈ অধিক চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰীয়ে

তিতাবৰ , 7 ছেপ্টেম্বৰ :11 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ ধৰ্ণাত বহিব ৰাজ্যৰ চাৰি হাজাৰতকৈ অধিক চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰীয়ে । দীৰ্ঘদিনীয়া দাবী পূৰণ নকৰাৰ ফলশ্ৰুতিত অহা 11 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাই । বুধাবৰে মেৰাপানীত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মী সংস্থাৰ সম্পাদক বাবুল দাসে আয়োজন কৰে এক সংবাদমেলৰ ৷

এই সংবাদমেলতে তেওঁ কয়, ‘‘কৰ্মচাৰীসকলৰ নিযুক্তি প্ৰক্ৰিয়াৰ অনুসৰি 2005 চনত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা চৰকাৰী চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সমস্যা সমাধান কৰিবলৈ অসমৰ প্ৰতিখন চিকিৎসালয়তে পৰিচালনা সমিতিয়ে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল । সেই নিৰ্দেশনা অনুসৰি প্ৰতিখন চৰকাৰী চিকিৎসালয়ে স্থানীয়ভাৱে তৃতীয় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নিযুক্তি দিছিল চিকিৎসালয় পৰিচালনা সমিতিসমূহে’’ ।

তেওঁ আৰু কয়, ‘‘অস্থায়ী কৰ্মচাৰীসকলক সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক মাতি নি এক আলোচনাত মিলিত হৈ তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তাৰ পাচতো শেহতীয়াকৈ চলিত বৰ্ষত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অসম চৰকাৰৰ স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত সঞ্চালক ডাঃ নীলমাধৱ দাস, যুটীয়া সম্পাদক অৰূপ পাঠকসহ কেইবাজনো চৰকাৰী বিষয়াৰ উপস্থিতিত চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সকলৰ লগত এখন বৈঠকত মিলিত হয় ৷ লগতে তেওঁলোকে চৰকাৰী চিকিৎসাৰ অস্থায়ী কৰ্মচাৰীসকলৰ অভাৱ অভিযোগৰ দাবীসমূহ গ্ৰহণ কৰে’’ ।

কিন্তু পৰিতাপৰ বিষয় যে, ইয়াৰ পিচতো বিগত তিনিমাহ সমগ্ৰ অসমৰ এই চাৰি হাজাৰৰো অধিক চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰীৰ সমস্যাসমূহ সমাধান বা বেতনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী কৰ্মচাৰী সন্থাই ।

সেয়ে উপায়ন্তৰ হৈ অনিদিষ্টকালীন ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মী সংস্থাৰ সম্পাদক বাবুল দাসে ।

লগতে পঢ়ক :Kataria left Majuli: দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি বিশেষ ফেৰীৰে গুৱাহাটীলৈ ৰাওনা ৰাজ্যপাল কাটাৰিয়া

ABOUT THE AUTHOR

...view details