Kataria left Majuli: দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি বিশেষ ফেৰীৰে গুৱাহাটীলৈ ৰাওনা ৰাজ্যপাল কাটাৰিয়া

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:33 AM IST

thumbnail

মাজুলী, 7 ছেপ্টেম্বৰ : দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি বিশেষ ফেৰীৰে কমলাবাৰী ঘাটৰ পৰা আজি (বৃহস্পতিবাৰ) গুৱাহাটীৰ দিশে ৰাওনা হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া ৷ বুধবাৰে মাজুলীত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

বুধবাৰে দিনটোত ৰাজ্যপালগাৰাকীয়ে মাজুলী জিলা আয়ুক্তৰ সভাকক্ষত জিলা প্ৰশাসন আৰু বিধায়ক ভুৱন গামৰ সৈতে এক আলোচনা চক্ৰতো মিলিত হয় । এই আলোচনা চক্ৰত মাজুলীৰ প্ৰতিখন পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰ সকলো উপস্থিত থাকে ।

লগতে বুধবাৰৰ দিনটোত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰি এখন সভাতো মিলিত হয় । উক্ত সভাতেই মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৰাজ্যপালগৰাকীয়ে । বিশেষকৈ মাজুলীৰ চাৰিখনকৈ ঐতিহাসিক সত্ৰ ক্ৰমে গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, আউনী আটী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰি আশীষ লয় ৰাজ্যপাল কাটাৰিয়াই ।

লগতে পঢ়ক : Assam Governor in Majuli : মাজুলীত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.