অসম

assam

টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ

By

Published : Feb 5, 2021, 10:02 PM IST

ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ১০২ নং টীয়ক সমষ্টিতো শুকুৰবাৰে এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে নতুনকৈ গঠন হোৱা 'ৰাইজৰ দলে' ।

টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ
টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ

টীয়ক,৫ ফেব্ৰুৱাৰী:নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এতিয়া অসমৰ ৰাজনৈতিক দলসমূহৰ মাজত অধিক তৎপৰতা বৃদ্ধি পাইছে । নতুনকৈ গঠন হোৱা আঞ্চলিক দল সমূহেও বিভিন্ন স্থানত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । সমান্তৰালকৈ দলসমূহত যোগদানৰ অঘোষিত প্ৰতিযোগীতা চলা দেখিবলৈ পোৱা গৈছে । ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ১০২ নং টীয়ক সমষ্টিতো শুকুৰবাৰে এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে নতুনকৈ গঠন হোৱা 'ৰাইজৰ দলে' ।

টীয়কত 'ৰাইজৰ দল'ৰ যোগদান সমাৰোহ

টীয়ক সমষ্টিৰ নৱ গঠিত 'ৰাইজৰ দল'ৰ বামুণপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত জাঁজী চুড়ামণি গাঁৱত এখনি দলীয় সমাবেশ আৰু যোগদান কায্যসূচী আয়োজন কৰা হয় । উক্ত সমাবেশত জিলা পৰ্য্যায়ৰ দলীয় কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকি ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিক তীব্ৰ ভাষাৰে সমালোচনা কৰি অসমত প্ৰকৃত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিবলৈ সকলোকে সহায় কৰিবলৈ আহ্বান জনায় । লগতে আন এটা আঞ্চলিক দল 'অসম জাতীয় পৰিষদ'ৰ লগত অধিক বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমখনত অসমীয়া অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত 'ৰাইজৰ দল' আগুৱাই যাব বুলি মন্তব্য কৰে ।


লগতে পঢ়ক:বাক্যবান: লুৰিণ বনাম পীযুষ

ABOUT THE AUTHOR

...view details