অসম

assam

জে বি মহাবিদ্যালয়ত সাহিত্যানুষ্ঠান "অস্মিতা"

By

Published : Aug 16, 2019, 4:12 PM IST

জে বি মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ আলোচনাচক্ৰ আৰু "অস্মিতা" অনুষ্ঠান সম্পন্ন। উল্লেখযোগ্য যে, আনুষ্ঠানিক ভাৱে অসমীয়া ভাষাত জনজাতীয় কবিতা সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰাৰ প্ৰয়াস এয়ে প্ৰথম ৷

জে বি মহাবিদ্যালয়ত সাহিত্যানুষ্ঠান "অস্মিতা"

যোৰহাট, 16 আগষ্টঃ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সাহিত্য অকাডেমিৰ উদ্যোগত মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ সহযোগত "অসমীয়া কবিতা আৰু অসমৰ জনজাতীয় কবিতাৰ ধাৰা আৰু গতি-প্ৰকৃতি" শীৰ্ষক বিশেষ আলোচনা চক্ৰ, আৰু মহিলা লেখকৰ বিশেষ সাহিত্যানুষ্ঠান"অস্মিতা"সম্পন্ন হয়।

জে বি মহাবিদ্যালয়ত সাহিত্যানুষ্ঠান "অস্মিতা"

মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ বিমল বৰাৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাহিত্য অকাডেমিৰ আঞ্চলিক সচিব ড৹ দেবেন্দ্ৰ কুমাৰ দেৱে আদৰণি ভাষন দিয়ে৷ ইয়াৰ পিছতেই অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা ড৹ জ্যোতিৰেখা হাজৰিকাই আলোচনাচক্ৰৰ বিষয় সন্দৰ্ভত আলোকপাত কৰে। উক্ত অনুষ্ঠানত সাহিত্য অকাডেমিৰ শিশু সাহিত্যিক বটাঁপ্ৰাপক স্বামিম নাছৰিন, গল্পকাৰ দীপাঞ্জলী বৰা,ঔপন্যাসিক পূণ্য দেৱী,কবি ড৹ নমিতা চুতীয়া শইকীয়া,আৰু লোক-সংস্কৃতিৰ গৱেষক তথা গল্পকাৰ ড৹ ৰাজশ্ৰী হাজৰিকাই গল্প আৰু কবিতা পাঠ কৰে। ড৹ কৰৱী ডেকা হাজৰিকাৰ সঞ্চালনাত দিনযোৰা কাৰ্য্যসূচিৰে উক্ত অনুষ্ঠানতো সম্পন্ন হয়। উল্লেখযোগ্য যে আনুষ্ঠানিক ভাৱে অসমীয়া ভাষাত জনজাতীয় কবিতা সম্পৰ্কে বিশদ ভাৱে আলোচনা কৰাৰ প্ৰয়াস এয়ে প্ৰথম৷

ABOUT THE AUTHOR

...view details