অসম

assam

Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰিব শীৰ্ষ আদালতে -অখিল গগৈ

By

Published : Aug 12, 2023, 2:05 PM IST

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা শীৰ্ষ আদালতে বাতিল কৰিব বুলি সংবাদমেলযোগে কয় বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে । সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বিষয়ত সংবাদমেলৰ আয়োজন কৰে বিধায়কগৰাকীয়ে ৷

MLA Akhil Gogoi press meet on Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিল কৰিব শীৰ্ষ আদালতে

সমষ্টিৰ পুনৰ নিৰ্ধাৰণ বিষয়ত অখিল গগৈৰ সংবাদ মেল

যোৰহাট, 12 আগষ্ট: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সংবিধান বিৰোধী, বে আইনী । সংবিধান 170 ,81 অনুচ্ছেদক অৱমাননা কৰিছে । সমষ্টি নিৰ্ধাৰণ খচৰা বাতিল কৰিব উচ্চতম ন্যায়ালয়ে " এনেদৰে কয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ মূল খচৰা তালিকা প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ।

শনিবাৰে যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ৰাইজ দলৰ নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ কয় যে অসমৰ সমষ্টি নিধাৰণ প্ৰক্ৰিয়া বে-আইনী আৰু সংবিধান বিৰোধী । সংবিধান 170, 81 নং অনুচ্ছেদক সম্পূৰ্ণ ৰূপে উলংঘা কৰি অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে । লগতে বিধায়কগৰাকীয়ে কয়, সমষ্টি পুনৰ নিৰ্ধাৰণ কৰোতে জনসংখ্যা অনুপাতে কৰিব লাগে, কাৰণ সমষ্টি নিৰ্ধাৰণ কৰোতে 10 শতাংশ বেছি আৰু 10 শতাংশ কম হ’ব লাগে ৷

ধুবুৰী গৌৰীপুৰ সমষ্টিৰ ভোটাৰ সংখ্যা তিনি লাখ ছয় হাজাৰ 315 জন বুলি উল্লেখ কৰি ইয়াৰ বিপৰীতে আমগুৰি সমষ্টিৰ ভোটাৰ সংখ্যা এক লাখ দুই হাজাৰ 727 জন বুলি কয় ৰাইজৰ দলে বিধায়কজনে । আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰ সংখ্যা 27 লাখ 70 হাজাৰ 635 জন আৰু ডিফু (ST) 10 লাখ 10 হাজাৰ 390 জন । ফলত ইয়াৰ সংখ্যা দেখিলেই সকলো ছবি স্পষ্ট হৈ পৰে বুলি কয় বিধায়ক অখিল গগৈয়ে ।

আনহাতে, আমগুৰি, লোহোৱাল সমষ্টি বিলুপ্তিকৰণ কৰি খিলঞ্জীয়া বিৰোধী কাম কৰিছে ৷ কাৰণ এই দুটা সমষ্টি খিলঞ্জীয়া ভোটাৰেৰে পৰিপূৰ্ণ ৷ ইয়াত এজনো বিদেশী নাই ৷ আনহাতে, 329 নং অনুচ্ছেদ অনুসৰি সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত এই প্ৰক্ৰিয়াটোৰ প্ৰতি প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হ'ব নোৱাৰে ৷ কিন্তু দেশৰ শীৰ্ষ ন্যায়ালয়ে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ গোচৰ গ্ৰহণ কৰি শুনানি দিন ধাৰ্য কৰিছে আৰু অসম সমষ্টিৰ পুনৰ নিৰ্ধাৰণ খচৰা শীৰ্ষ আদালতে যে বাতিল কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত বুলি সংবাদমেলযোগে মত প্ৰকাশ কয় অখিল গগৈয়ে ।

আনহাতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ খচৰা বাতিল কৰিব বাবে 11 দল সহিতে বিৰোধী ঐক্য, বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু সাংসদ অজিত কুমাৰ ভুঞাই গোচৰ দাখিল কৰিছিল ।

লগতে পঢ়ক :Miscreants firing : দুৰ্বৃত্তই চলোৱা গুলীচালনাত আঘাতপ্ৰাপ্ত এজন

ABOUT THE AUTHOR

...view details