অসম

assam

Fire at Jorhat: যোৰহাটৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ

By

Published : Dec 28, 2022, 11:33 AM IST

যোৰহাটৰ মাৰোৱাৰীপট্টিত ২১ ডিচেম্বৰত সূত্ৰপাত হৈছিল ভয়াৱহ অগ্নিকাণ্ডৰ (Massive Fire in Jorhat) ৷ এই অগ্নিকাণ্ডত ভস্মীভূত হৈছিল ব্যৱসায়ীক-প্ৰতিষ্ঠান, বাসগৃহৰ লগতে কোটি টকাৰ সম্পত্তি ৷ উক্ত অগ্নিকাণ্ডস্থলী পৰিৰ্দশন কৰি মন্ত্ৰী অজন্তা নেওগে প্ৰদান কৰিলে এককালীন সাহায্য ।

Minister Ajanta Neog visited Fire place of Jorhat
যোৰহাটৰ অগ্নিকাণ্ডস্থলীত মন্ত্ৰী অজন্তা নেওগ

যোৰহাটৰ অগ্নিকাণ্ডস্থলীত মন্ত্ৰী অজন্তা নেওগ

যোৰহাট, ২৮ ডিচেম্বৰ:যোৱা ২১ ডিচেম্বৰ নিশা ১০.১৫ বজাত যোৰহাটৰ মাৰোৱাৰীপট্ৰিত সংঘটিত অগ্নিকাণ্ডস্থলী মঙলবাৰে পৰিৰ্দশন কৰে যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog visited Fire place of Jorhat) । অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থসকলক অসম দুৰ্যোগ ব্যৱস্থাপন বিভাগৰ অধীনত এককালীন সাহায্য প্ৰদান কৰে (One time assistance to fire victims at Jorhat)।

মন্ত্ৰী অজন্তা নেওগে অগ্নিকাণ্ডস্থলী পৰিৰ্দশন কৰাৰ পিছত কয়," অসম বিধানসভাৰ অধিৱেশনৰ বাবে ঘটনাস্থলীলৈ আহিব পৰাৰ নাছিলো যদিও সকলো ঘটনা তদাৰক কৰি আহিছিলো । মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ নিদেশ মৰ্মে ঘটনাস্থলীলৈ আহিছো আৰু ক্ষয়-ক্ষতিৰ পৰিমাণৰ বুজ লৈছো ।" তেওঁ কয় যে চৰকাৰী নিয়ম মতে ক্ষতিগ্ৰস্থ সকলক ৬৫ হাজাৰ আৰু ১.২০ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰা হৈছে । ইপিনে, নীতি-নিয়ম জলাঞ্জলি দি যিসমূহ গৃহ নিৰ্মাণ কৰিছিল সেয়াও পৰ্যবেক্ষণ কৰি ইয়াৰ সমাধান সুত্ৰ উলিয়াব বুলি কয় মন্ত্ৰী অজন্তা নেওগে ।

২১ ডিচেম্বৰ নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰতিৰোধ কৰাত প্ৰশাসন আৰু স্থানীয় যিসকল লোকে সহায়ৰ হাত আগৱঢ়ালে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে । দুদিন ধৰি জ্বলি থকা জুই নুমুৱাবলৈ ৫৭ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ব্যৱহাৰ কৰাৰ হৈছিল বুলি উল্লেখ কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে । মন্ত্ৰীগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত স্থানীয় লোক আৰু চেম্বাৰ অৱ কৰ্মাচৰ বিষয়ববীয়া সৈতে উক্ত ঘটনাক লৈ এক আলোচনাতো মিলিত হয় । ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে ।

উল্লেখ্য যে, বুধবাৰে নিশা প্ৰায় ১০.১৫ বজাত যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হৈছিল ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটো ৷ নিমিষতে ছাই হৈ গৈছিল তিনিখন দোকান ৷ অগ্নি নিৰ্বাপক বাহিনীৰ লগতে স্থানীয় ৰাইজৰ বহু প্ৰচেষ্টাইও নুমুৱাব নোৱাৰিলে জুই ৷ গোলাঘাট, শিৱসাগৰ, যোৰহাটৰ লগতে বায়ু সেনা বাহিনী, ভাৰতীয় সেনা আৰু অ’ এন জি চিৰ শতাধিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়েও জুই নুমুৱাবলৈ সফল হোৱা নাছিল ৷ ফলত জুইৰ লেলিহান শিখা বিয়পি পৰে সমগ্ৰ অঞ্চললৈ ৷

উক্ত অগ্নিকাণ্ডত অঞ্চলটোৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কেবাটাও বাসগৃহ ভস্মীভূত হৈছে (Losses in Jorhat fire) ৷ মুহূৰ্ততে ধ্বংসস্তুপত পৰিণত হৈছিল বৃহৎ এলেকাটো । এই অগ্নিকাণ্ডৰ ফলত ৫০কোটিৰো অধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় । জুই ইমানেই ভয়াৱহ আছিল যে ইয়াক নিৰ্বাপিত কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীক সময় লাগিছিল ৩০ঘন্টাৰো অধিক সময় ।

লগতে পঢ়ক:Assam Meghalaya Border Dispute: পুনৰ অসমৰ ভূমিত তাণ্ডৱ মেঘালয়ৰ দুৰ্বৃত্তৰ, শংকিত সীমান্তবাসী অসমীয়া

ABOUT THE AUTHOR

...view details