অসম

assam

ঢেকীয়াখোৱা বৰনামঘৰত সেৱা লৈ ৰমেন ডেকাই কি ক'লে

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:07 PM IST

Updated : Jan 2, 2024, 4:27 PM IST

BJP leader Ramen Deka: পুনৰ সাংসদ হোৱা সপোন দেখিছে জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাই । দৰং-ওদালগুৰি লোকসভাৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হোৱাৰ মন ।

bjp leader ramen deka comments on 2024 loksabha election
ৰমেন ডেকাৰ মন্তব্য

ৰমেন ডেকাৰ মন্তব্য

যোৰহাট, 2 জানুৱাৰী : পুৰণি বিজেপিৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন সাংসদ ৰমেন ডেকাই পুনৰ সাংসদ হ’বৰ বাবে মন দৃঢ় কৰিছে আৰু ইতিমধ্যে তেওঁ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে বুলি খোদ ৰমেন ডেকাই স্পষ্টকৈ কৈছে ৷ ২০২৪ বৰ্ষৰ প্ৰথম দিনটোত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত সেৱা গ্ৰহণ কৰাৰ পিচত সাংবাদিকৰে হোৱা বাৰ্তালাপত উক্ত মন্তব্য প্ৰদান কৰে ৰমেন ডেকাই ৷ নিৰ্বাচন সন্দৰ্ভত নিজৰ স্থিতি কথা প্ৰকাশ কৰে তেওঁ ।

প্ৰাক্তন সাংসদ ডেকাই দৰং-ওদালগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আশা কৰিছে । ইতিমধ্যে তেওঁ মনৰ কথা আৰু নিজৰ স্থিতিৰ কথা দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক অৱগত কৰিছে বুলিও জানিবলৈ দিয়ে । আনহাতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰদল প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলক দৰং-ওদালগুৰি সমষ্টিটো এৰি দিয়াৰ সম্ভাৱনা প্ৰৱল ৷

আনহাতে যদিহে দৰং-ওদালগুৰি সমষ্টিত বিজেপিয়ে নিজে প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেনেহ’লে ৰমেন ডেকাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ব্যাপক প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে বৰ্তমানৰ সাংসদ তথা বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ।‌ এনেধৰণৰ কথাৰ বাবেই ৰমেন ডেকাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা মাজে সময়ে সুবিধা পালেই মুকলিকৈ প্ৰকাশ কৰে ৷ তেওঁ ইতিমধ্যে সমষ্টিত নিজৰ নিৰ্বাচনী তৎপৰতাও আৰম্ভ কৰিছে । এতিয়া সময়তহে গম পোৱা যাব যে, ৰমেন ডেকাই পুনৰ সাংসদ হোৱাৰ যি সপোন দেখিছে সেয়া বাস্তৱত পূৰণ হ’বনে নহয় ।

লগতে পঢ়ক :যোৰহাটত কল্পনা পাটোৱাৰীৰ গীতত জীপাল নৱবৰ্ষৰ প্ৰথম নিশা

Last Updated :Jan 2, 2024, 4:27 PM IST

ABOUT THE AUTHOR

...view details