অসম

assam

যোৰহাটত প্রসিদ্ধ অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Oct 21, 2020, 10:03 PM IST

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰয়াত অৰ্থনীতিবিদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিয়ালৰ হৈ অধ্যক্ষ ড° বিমল চন্দ্ৰ বৰাদেৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানটো আৰম্ভ কৰে ।

assu lighting of lamp pass away ecomomist  dr jayanta madhab
যোৰহাটত প্রসিদ্ধ অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱলৈ শ্ৰদ্ধাঞ্জলি

যোৰহাট,21অক্টোবৰঃ এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰাক্তন সঞ্চালক, নেডফিৰ প্ৰথমজন অধ্যক্ষ তথা পৰিচালনা সঞ্চালক, অসম চৰকাৰৰ প্ৰাক্তন অৰ্থনৈতিক উপদেষ্টা, প্রসিদ্ধ অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱৰ বিদেহীৰ আত্মাৰ চিৰশান্তি কামনাৰে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোট আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ যৌথ সহযোগত মহাবিদ্যালয়ৰ বৰপাত্ৰ কুটীৰৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ণ কৰে ।

যোৰহাটত প্রসিদ্ধ অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱলৈ শ্ৰদ্ধাঞ্জলি

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক তথা যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰয়াত অৰ্থনীতিবিদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলেনেৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিয়ালৰ হৈ অধ্যক্ষ ড°বিমল চন্দ্ৰ বৰাদেৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠানটো আৰম্ভ কৰে। তেখেতে নিজৰ বক্তব্যত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতি প্ৰয়াত ড° জয়ন্ত মাধৱ দেৱ আৰু পৰিয়ালৰ অকৃত্ৰিম ভালপোৱা আৰু নিস্বাৰ্থ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি বক্তব্য প্ৰদান কৰে ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,যোৰহাট জিলা ক্ৰীড়া সন্থা,যোৰহাট সংগীত শিল্পী সংস্থা,জ্যোতি চিনে ক্লাৱ,অসম সাহিত্য সভা,তৰাজান সন্মিলন,অসম চেম্বাৰছ অব কমাৰ্চ,সময় ক্লাৱ আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত অৰ্থনীতিবিদ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।


লগতে পঢ়কঃ মৃত্যুদূতৰূপী ৰে’ল ইঞ্জিন জব্দ বন বিভাগৰ

ABOUT THE AUTHOR

...view details