অসম

assam

কাল কৰ'ণাই অনাথ কৰিলে ৰক্তিমক

By

Published : Jun 8, 2021, 10:08 PM IST

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কাল কৰ'ণা (Corona)ই কাঢ়ি নিলে বহুতৰে প্ৰাণ ৷ অকালতে আপোনজনক হেৰুৱালে অজস্ৰজনে ৷ আপোনজনক হেৰুৱাই অনাথ হ'ল বহু শিশু ৷ আন আন বহুজনৰ লগতে যোৰহাটৰ বাহনাৰ ভূঞা চুকৰ ৰক্তিম ভূঞা নামৰ কিশোৰগৰাকীকো অনাথ কৰিলে কৰ'ণাই ৷

12 year old boy from jorhat orphaned by covid
কাল কৰ'ণাই অনাথ কৰিলে ৰক্তিমক

যোৰহাট, 8 জুন :সমগ্ৰ দেশত অব্যাহত আছে কাল কৰ'ণা (Corona)ৰ সংহাৰ ৷ কৰ'ণা (Corona)ই কাঢ়ি নিলে বহুতৰে প্ৰাণ ৷ অকালতে আপোনজনক হেৰুৱালে অজস্ৰজনে ৷ দেশৰ লগতে একেদৰেই ৰাজ্যতো কাল কৰ'ণা (Corona)ই অনাথ কৰিলে বহু শিশুক ৷ আপোনজনক হেৰুৱাই দিগ-বিদিগ হেৰুৱাইছে বহুজনে ৷ আন আন বহুজনৰ লগতে যোৰহাটৰ বাহনাৰ ভূঞা চুকৰ ৰক্তিম ভূঞা নামৰ কিশোৰগৰাকীকো অনাথ কৰিলে কৰ'ণাই ৷ জন্মৰ পাচতে মাতৃৰ সৈতে বিচ্ছেদ হোৱা কিশোৰগৰাকীয়ে পিতৃৰ সৈতে বাস কৰিছিল যদিও কৰ'ণাই কাঢ়ি লৈ গ'ল পিতৃ জয়ন্ত ভূঞাক ৷

কাল কৰ'ণাই অনাথ কৰিলে ৰক্তিমক

দেওবাৰে ওচৰৰে এটা কাঠৰ মিলত যোগালী হিচাপে কৰ্মৰত পিতৃ জয়ন্ত ভূঞা কৰ্মৰত অৱস্থাতে ঢলি পৰে আৰু লগে লগে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত (JMCH) ভৰ্তি কৰোৱা হয় যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত (JMCH) ক'ভিড পৰীক্ষা কৰাত কৰ'ণা (Corona)ৰ উপস্থিতি ধৰা পৰে আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লয় জয়ন্ত ভূঞাই।

সম্প্ৰতি ডাঁহিখোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ৰক্তিম খুড়ায়েক ললীত ভূঞাৰ তত্ত্বাৱধানত আছে ৷ কিন্তু পেচাত হাজিৰা কাম কৰা ললীত ভূঞাৰ আৰ্থিক অৱস্থাও অতি দুৰ্বল। সেয়েহে চৰকাৰৰ পৰা অকণমান সঁহাৰি বিচাৰিছে ছাত্ৰজনে ৷

লগতে পঢ়ক:বিভিন্ন কেলেংকাৰীত সাঙোৰ খাইছে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীৰ নাম !

ABOUT THE AUTHOR

...view details