অসম

assam

হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকাৰ ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

By

Published : Sep 12, 2022, 10:51 PM IST

দেওবাৰে নিশা ডবকা টোলগেটৰ পৰা জব্দ কৰা হয় ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক আৰু এখন বিলাসী বাহন (Two trucks loaded urea fertilizers seized in Hojai) ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে 3 অভিযুক্ত ৷ হোজাই আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত সাৰখিনিৰ মূল্য প্ৰায় পাঁচ লক্ষাধিক টকা ৷

Two trucks loaded urea fertilizers seized in Hojai
হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকা ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

হোজাই, 12 ছেপ্টেম্বৰ :অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী (Assam Police operation against crime and criminals) ৷ কঠোৰ হৈছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাও ৷ আনকি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বহু অপৰাধীক ৷ কিন্তু ইমানৰ পাচতো গাত কথা লগা নাই একাংশ দুৰ্নীতি পৰায়ন ব্যক্তিৰ ৷

ইফালে ৰাজ্যত অব্যাহত আছে চোৰাঙকৈ সৰবৰাহ কৰা সাৰৰ এখন ৰমৰমীয়া ব্যৱসায় ৷ দেওবাৰে নিশা ডবকা টোলগেটৰ পৰা চোৰাং বজাৰত বিক্ৰী কৰিবলৈ নিয়া ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ কৰে হোজাই জিলা আৰক্ষীয়ে (Two trucks loaded urea fertilizers seized in Hojai) ৷ লগতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আটক কৰে তিনিজন লোকক ৷

হোজাইত প্ৰায় পাঁচ লক্ষাধিক টকা ইউৰিয়া সাৰ ভৰ্তি দুখন ট্ৰাক জব্দ

আটকাধীন কেইজন হৈছে হোজাইৰ ফকৰুল ইছলাম, মোৰাঝাৰৰ ৰাজিব উদ্দিন আৰু লংকাৰ আলীৰ তাজ উদ্দিন ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে হোজাই জিলা উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে ৷ উল্লেখ্য যে, হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশ মৰ্মে উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে অভিযান চলাই জব্দ কৰে চোৰাংভাৱে সৰবৰাহ কৰা সাৰখিনি ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, জব্দকৃত সাৰখিনিৰ আনুমানিক মূল্য পাঁচ লক্ষাধিক টকা ৷ আনহাতে, সাৰ ভৰ্তি দুখন ট্ৰাকৰ লগতে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত জব্দ কৰিবলৈ সক্ষম হয় এখন বিলাসী বাহনো ৷ বিলাসী বাহন আৰু জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ হৈছে ক্ৰমে AS01ET2660, AS31C 0837 আৰু AS 02 CC8722 ৷

লগতে পঢ়ক :বৰ্তমানেও পলাতক ভুৱা নিযুক্তিৰ বেহা চলোৱা মূল তিনি মাষ্টাৰ মাইণ্ড

ABOUT THE AUTHOR

...view details