অসম

assam

শিলাদিত্য দেৱৰ সমষ্টিত মন্দিৰৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ বিবাদ

By

Published : Sep 30, 2020, 8:33 PM IST

লংকেশ্বৰী নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে অতিথি শালা নিৰ্মাণৰ আধাৰশীল স্থাপনৰ দিনাই লাগিল অথন্তৰ ৷ ইপিনে লংকাৰ একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে আধাৰশীলা স্থাপনৰ বাবে অনা খুঁটা পেলাই দিয়াৰ অভিযোগ উঠিছে । সমগ্ৰ ঘটনাৰ প্ৰসংগত লংকেশ্বৰী নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে আৰক্ষীৰ ওচৰত দাখিল কৰিছে এখন এজাহাৰ ।

HOJAI TEMPLE  LANKESHWARI LAND
শিলাদিত্য দেৱৰ সমষ্টিত মন্দিৰৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ বিবাদ

হোজাই,30 ছেপ্তেম্বৰঃ বিৰ্তকিত বিধায়ক শিলাদিত্যৰ দেৱৰ গৃহ সমষ্টিতে মন্দিৰৰ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিবাদৰ ৷ লংকাৰ ঐতিহ্যমণ্ডিত লংকেশ্বৰী মন্দিৰৰ মাটিক লৈ সৃষ্টি হৈছে এই বিবাদ। উল্লেখ্য যে, বিহাৰী সম্প্ৰদায়ৰ লোক সকলে লংকাৰ লংকেশ্বৰী মন্দিৰৰ কাষৰ এডোখৰ মাটিত বহু বছৰ ধৰি অনুষ্ঠিত কৰি আহিছিল চত পূজা ৷ কিন্তু মাটি দুখৰত লংকেশ্বৰী নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে অতিথি শালা নিৰ্মাণ কৰিবলৈ আধাৰশীল স্থাপন কৰা দিনাই লাগিল অথন্তৰ ৷ বিহাৰী সম্প্ৰদায়ৰ লোক সকলে আধাৰশীলা স্থাপনৰ বাবে অনা খুঁটা পেলাই দিয়াৰ অভিযোগ উঠিছে । সমগ্ৰ ঘটনাৰ প্ৰসংগত লংকেশ্বৰী নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে আৰক্ষীৰ ওচৰত দাখিল কৰিছে এখন এজাহাৰ ।

শিলাদিত্য দেৱৰ সমষ্টিত মন্দিৰৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ বিবাদ

বুধবাৰে নাট্য মন্দিৰৰ পৰিচালনা সমিতিয়ে লংকাত এক সংবাদমেলৰ আয়োজন কৰি কয় যে, কোনো কাৰণতেই চত পূজা সমিতিক এৰি দিয়া নহ’ব ঐতিহ্যমণ্ডিত লংকেশ্বৰী নাট্য মন্দিৰৰ মাটি । প্ৰয়োজন হলে সহায় লোৱা হ'ব আইনৰ। অসম দৰ্শন আচঁনিৰ অধীনত অসম চৰকাৰে দিয়া অনুদানেৰে চত পূজা অনুষ্ঠিত কৰা এই ঠাইখিনিতে অতিথি শালাৰ গৃহ নিৰ্মাণ কৰা হ’ব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়কঃ আহিনৰ বানে বিধস্ত কৰিছে ধেমাজি জিলাৰ বহুকেইখন গাঁও

ABOUT THE AUTHOR

...view details