অসম

assam

Eviction Drive in Hojai : হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ

By

Published : Apr 19, 2022, 1:27 PM IST

হোজাইৰ ৰে’ল ষ্টেচনৰ সন্মুখত উচ্ছেদ (Eviction Drive in Hojai) অভিযান ৷ মঙলবাৰে পুৱা হোজাইৰ ৰে’ল ষ্টেচনৰ সন্মুখত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ ফলত মৃত্যু ঘটে অচিৎ দাস নামৰ এগৰাকী ব্যৱসায়ীৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ ৷

হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ
হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ

হোজাই, 19 এপ্ৰিল : ৰঙালীৰ উল্লাসৰ মাজতে হোজাইত চলিল প্ৰশাসনৰ বুলড’জাৰ (Eviction Drive in Hojai) ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে মঙলবাৰে পুৱা হোজাই ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলোৱা হ’ল এই উচ্ছেদ অভিযান(Hojai district administration conducts eviction drive) । প্ৰশাসনৰ এই অভিযানৰ সময়তে প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী ব্যৱসায়ীয়ে ৷

উচ্ছেদিত লোকসকলে সদৰি কৰা অনুসৰি, উচ্ছেদ সন্দৰ্ভত আগতীয়াকৈ কোনো লিখিত জাননী দিয়া নাছিল হোজাই জিলা প্ৰশাসনে ৷ লিখিত জাননীৰ পৰিৱৰ্তে কিছুদিন পূৰ্বে কেৱল মৌখিকভাৱে একাংশ ব্যৱসায়ীক উচ্ছেদ সম্পৰ্কে প্ৰশাসনৰ ফালৰ পৰা অৱগত কৰা হৈছিল ৷ কিন্তু কোনো সঠিক জাননী নিদিয়াকৈ হোজাই প্ৰশাসনে ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিপণীসমূহত চলাইছে উচ্ছেদ অভিযান (Eviction drive against railway land encroachers in Hojai) ৷

হোজাইত প্ৰশাসনৰ উচ্ছেদে প্ৰাণ কাঢ়িলে এগৰাকী ব্যক্তিৰ

এই উচ্ছেদ অভিযানৰ সময়ত অচিৎ দাস নামৰ এগৰাকী ব্যৱসায়ীয়ে উচ্ছেদ কৰিবলৈ অহা প্ৰশাসনৰ ওচৰত কিছু সময় বিচাৰিছিল, যাতে প্ৰয়োজনীয় কিছু সামগ্ৰী তেওঁৰ বিপণীখনৰ পৰা বাহিৰলৈ আনিব পাৰে ৷ কিন্তু ব্যৱসায়ী গৰাকীৰ কথাত গুৰুত্ব নিদিলে প্ৰশাসনে ৷ আনকি বিপণীখনৰ ভিতৰত ব্যৱসায়ীজন থকা অৱস্থাতে প্ৰশাসনে বুলড’জাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

ফলত গুৰুতৰভাৱে আহত হয় ব্যৱসায়ীজন ৷ তাৰ পাচতেই একাংশ লোকৰ তৎপৰতাত আহত ব্যক্তিগৰাকীক লৈ যোৱা হয় হাস্পতাললৈ ৷ জানিব পৰা মতে, প্ৰশাসনৰ উচ্ছেদ অভিযানত আহত হোৱা ব্যৱসায়ীগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷

উল্লেখ্য যে, হোজাই আৰক্ষী আৰু ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত হোজাইত চলিছিল এই উচ্ছেদ অভিযান ।

লগতে পঢ়ক :Eviction Drive at Badarpur: কৰিমগঞ্জৰ বদৰপুৰত চলিল প্ৰশাসনৰ বুলড'জাৰ

ABOUT THE AUTHOR

...view details