অসম

assam

প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন

By

Published : Sep 16, 2020, 4:20 PM IST

গোলাঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 70 সংখ্যক জন্মদিন পালন ৷ জন্মদিন উপলক্ষে ৰক্তদান শিবিৰ অনুষ্ঠিত ৷ গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰৰ নেতৃত্বত প্ৰায় 80 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে ।

PM Narendra Modi 70 th Birthday Celebration at Golaghat
প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন

গোলাঘাট, 17 ছেপ্তেম্বৰ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বুধবাৰে গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । শিবিৰটোৰ শুভাৰম্ভণি কৰে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰাই ।

প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন

গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰৰ নেতৃত্বত প্ৰায় 80 গৰাকী যুৱক-যুৱতীয়ে ৰক্তদান কৰে । শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত বিজেপিৰ জিলা সম্পাদক সঞ্জীৱ দাস,বিজেপি নেতা যতীন বৰা,মহিলা মৰ্চাৰ সভানেত্ৰী ৰাজশ্ৰী বৰা উপস্থিত থাকে ।

প্ৰধানমন্ত্ৰীৰ 70 সংখ্যক জন্মদিন উপলক্ষে গোলাঘাটত ৰক্তদান শিবিৰৰ আয়োজন

আনহাতে, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ সুৰেণ তামুলী,ডা০ ৰূপক বৰা আৰু ডা০ কমলেশ্বৰ নেওগে শিবিৰত উপস্থিত থাকি ৰক্তদান প্ৰক্ৰিয়া তত্বাৱধান কৰে ।

লগতে পঢ়ক :জৰাজীৰ্ণ পথৰ বাবে ব্যাহত কলগাছিয়াৰ বৃহত্তৰ অঞ্চলৰ যাতায়াত

ABOUT THE AUTHOR

...view details