অসম

assam

Operation against corruption: ঘোচখোৰ লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

By

Published : Aug 11, 2022, 7:42 PM IST

এইবাৰ বোকাখাত মহকুমাৰ আৱকাৰী বিভাগৰ কৰ্মচাৰী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত (Excise Department Assistant caught red handed)৷ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই লোহিত ফুকন নামৰ এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে(Operation against corruption)৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত মাৰাথন জেৰা চলে ঘোচখোৰ বিষয়াজনৰ ওপৰত ৷

Lohit questioned by the Anti Corruption Branch
লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

বোকাখাত, 11 আগষ্ট:ৰাজ্যজুৰি দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে দুৰ্নীতি নিবাৰক শাখাই (Assam police against corruption)৷ এইবাৰ বোকাখাত মহকুমাৰ আৱকাৰী বিভাগৰ কৰ্মচাৰী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত (Excise Department Assistant caught red handed)৷ বোকাখাত মহকুমাধিপতি কাৰ্যালয়ত বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই লোহিত ফুকন নামৰ এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে(Operation against corruption)৷

লোহিতক মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ

বোকাখাতৰ বিলাতী সুৰাৰ ব্যৱসায়ী নিলোৎপল ৰাজখোৱাৰ পৰা বিভাগীয় নথি-পত্ৰৰ কাম কৰাৰ বিনিময়ত 10 হাজাৰ টকা বিছাৰিছিল ফুকনে ৷ যদিও অৱশেষত দৰ-দাম কৰি ব্যৱসায়ীজনে 4 হাজাৰ টকা দিম বুলি কোৱাত মঞ্জুৰ হৈছিল বিষয়াজন ৷ বৃহস্পতিবাৰে ব্যৱসায়ীজনৰ পৰা 4 হাজাৰ টকা লোৱাৰ সময়তে হাতেলোটে ধৰা পৰে আৱকাৰী বিষয়া লোহিত ফুকন ৷

ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সময়তে কিছু অসাধু চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কামৰ বিনিময়ত এনেদৰে সাধাৰণ জনতাৰ পৰা উৎকোচ লোৱাৰ দৰে নীচ কাৰ্যত লিপ্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্যালয়ত মাৰাথন জেৰা চলে ঘোচখোৰ বিষয়াজনৰ বিৰুদ্ধে ৷

শেহতীয়াকৈ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Special DGP GP Singh) সামাজিক মাধ্যমত প্ৰকাশ কৰে যে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বিগত 10 দিনত 7 জন বিষয়া-কৰ্মচাৰী উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে (7 officers caught in anti corruption branch in 10 days) । ইয়াৰে ভিতৰত 3 জন চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে ৷

আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনায় যে কোনোবা চৰকাৰী বিষয়াই উৎকোচ লওঁ বুলি ক’লে আপোনালোকে সময়টো ঠিক কৰি আহিব ৷ পৰৱৰ্তী পৰ্যায়ৰ ব্যৱস্থা আমি ল’ম ৷

লগতে পঢ়ক:Operation against corruption: ঘোচ লৈ হাতে-লোটে ধৰা পৰিল আবকাৰী বিভাগৰ সহায়ক

ABOUT THE AUTHOR

...view details