অসম

assam

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়ালে খুমটাইবাসীয়ে

By

Published : May 28, 2021, 10:48 PM IST

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সাধ্যানুযায়ী অনুদান আগবঢ়ালে খুমটাই সমষ্টিবাসীয়ে ৷ কেইদিন মান পূৰ্বে ক’ভিডৰ বিভীষিকাময় পৰিস্থিতিত অসমবাসীকো সমভাগী হোৱাৰ আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়ালে খুমটাইবাসীয়ে
মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়ালে খুমটাইবাসীয়ে

গোলাঘাট, 28 মে' : মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সাধ্যানুযায়ী অনুদান আগবঢ়ালে খুমটাই সমষ্টিবাসীয়ে ৷ কেইদিন মান পূৰ্বে ক’ভিডৰ বিভীষিকাময় পৰিস্থিতিত অসমবাসীকো সমভাগী হোৱাৰ আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । একেদৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই এটা ফেচবুক পোষ্টৰ জৰিয়তে সমষ্টিবাসীৰ পৰা এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত সঁহাৰি কামনা কৰিছিল ৷

ইয়াৰ পাচতে পুৱাৰে পৰা বিধায়ক গৰাকীৰ ঘৰত দেখা গ'ল ৰাইজৰ অভূতপূৰ্ব সঁহাৰি । বিধায়ক মৃনাল শইকীয়াৰ যোগেদি বৃদ্ধ, বৃদ্ধাকে ধৰি সকলো শ্ৰেণীৰ ৰাইজে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়ালে সাধ্যানুসৰি অনুদান ৷

লগতে পঢ়ক: কেনেকৈ মৃত্যুক সাৱতি লৈছিল ৰহাৰ শিখামণি বৰাই ?

ABOUT THE AUTHOR

...view details