অসম

assam

চুঙাজানত ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ

By

Published : Jun 28, 2019, 3:44 PM IST

মাতৃয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত তেওঁৰ পুত্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অৱগত কৰাৰ লগতে তেওঁ নিৰুদ্দেশ হোৱাৰ কথা লিখিত ভাৱে অৱগত কৰিছিল ৷ কিন্তু বিষয়টোৰ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰিছে চুঙাজান আৰক্ষীয়ে ৷

ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চুঙাজান অঞ্চলত

সৰুপথাৰ,28 জুন: ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য ৷ সৰুপথাৰৰ ধনশিৰি মহকুমাৰ চুঙাজানৰ নৱবন্তি গাওঁৰ ড্ৰাগছ ব্যৱসায়ী ভবেন হাজৰিকা প্ৰায় ডেৰ মাহ ধৰি নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলটোত ৷ মাতৃয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত তেওঁ পুত্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অৱগত কৰাৰ লগতে তেওঁ নিৰুদ্দেশ হোৱাৰ কথা লিখিত ভাৱে অৱগত কৰিছিল ৷ কিন্তু বিষয়টোৰ সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰিছে চুঙাজান আৰক্ষীয়ে ৷ চুঙাজানৰ ড্ৰাগছ ব্যৱসায়ী জনক আৰক্ষীয়ে বিচাৰি উলিয়ালে ধনশিৰি মহকুমাত সক্ৰিয় হৈ থকা বহু ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে ড্ৰাগছ ব্যৱসায়ীজনৰ মাতৃয়ে ৷ ভবেন হাজৰিকাৰ পত্নীৰ পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ যাতে,তেওঁৰ স্বামীক এই ড্ৰাগছ ব্যৱসায়ৰ পৰা মুক্ত কৰি আনি দিয়ে ৷ মাতৃয়ে প্ৰকাশ কৰা মতে,তেওঁ পুত্ৰই বহুদিনৰ পৰা এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল চুঙাজান অঞ্চলত ৷ সমীপৱৰ্তী নগালেণ্ডৰ ডিমাপুৰৰ পৰা ড্ৰাগছৰ এই ৰমৰমীয়া বেহা চলাই আহিছিল ভবেনে ৷

ড্ৰাগছ ব্যৱসায়ী নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে চুঙাজান অঞ্চলত
Intro:ধনশিৰি মহকুমাৰ চুঙাজানৰ নৱবন্তি গাওঁৰ ড্ৰাগছ ব্যৱসায়ী ভবেন হাজৰিকা আজিৰ পৰা প্ৰায় ডেৰ মাহ ধৰি নিৰুদ্দেশ হোৱাৰ ঘটনাই তিব্ৰ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটোত৷Body:মাতৃয়ে প্ৰকাশ কৰামতে তেওঁ পুত্ৰই বহুদিনৰ পৰা এটা ড্ৰাগছ ব্যৱসায় লগত জড়িত হৈ চুঙাজানত ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷ সমীপৰ নগালেণ্ডৰ ডিমাপুৰৰ পৰা ড্ৰাগছৰ এই ৰমৰমীয়া বেহা চলাই আছিল ভবেনে ৷ আজিৰ পৰা প্ৰায় ১ মাহৰ আগতে মাতৃয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চুঙাজান আৰক্ষী থানাত তেওঁ পুত্ৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ কথা অৱগত কৰাৰ লগতে তেওঁ নিৰুদেশ হোৱাৰ এখন জাননী দিছিল ৷ চুঙাজান আৰক্ষীয়ে কিন্তু বিষয়টোত নীৰৱ ভূমিকা পালন কৰিলে | চুঙাজানৰ এই ড্ৰাগছ ব্যৱসায়ী জনক আৰক্ষীয়ে বিচাৰি উলিয়ালে ধনশিৰি মহকুমাৰত সক্ৰিয় হৈ থকা বহু ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ জালত পৰিব বুলি ড্ৰাগছ ব্যৱসায়ী জনৰ মাতৃয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ভবেন হাজৰিকাৰ পত্নীৰ পুলিচ প্ৰশাসনলৈ এটাই অনুৰোধ যাতে তেওঁৰ স্বামীক এই ড্ৰাগছ ব্যৱসায়টোৰ পৰা মুক্ত কৰি আনি দিয়ে Conclusion:Byte- মাতৃ

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

ABOUT THE AUTHOR

...view details