অসম

assam

Attack on AASU workers: ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

By

Published : Dec 27, 2021, 6:12 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ (Akhil Gogoi condemns attack on AASU workers) ৷ ইফালে, অসম বিধান সভা নিৰপেক্ষ নহয় বুলিও দাবী কৰি বিধানসভাৰ অধক্ষ্যজনৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ৷

akhil-gogoi-condemns-attack-on-aasu-workers-in-dibrugarh
ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

বোকাখাত, 27 ডিচেম্বৰ :ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আক্ৰমণ(Attack on AASU workers in Dibrugarh)ৰ ঘটনাক গৰিহণা দিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । বোকাখাতত ৰাইজৰ দলৰ এক প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত আৰক্ষীৰ আক্ৰমণক সম্পূৰ্ণ হিটলাৰী আখ্যা দিয়ে গগৈয়ে(Akhil Gogoi condemns attack on AASU workers) ৷

তেওঁ কয়,''আৰক্ষী আৰু চৰকাৰৰ এই কাৰ্যক গৰিহণা দিছোঁ । অসমখনত ক্ৰমাৎ পুলিচতন্ত্ৰত পৰিণত হৈছে । বিজেপি চৰকাৰে গণতন্ত্ৰক শেষ কৰি স্বৈৰতন্ত্ৰলৈ পৰিণত কৰিছে অসমখনক । প্ৰতিজন নাগৰিকেই ইয়াৰ প্ৰতিবাদ কৰা উচিত'' ৷ ইয়াৰোপৰি, সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল সদস্যক জেললৈ প্ৰেৰণ কৰিছে সেই সকলক অতি শীঘ্ৰেই মুকলি কৰিব লাগে দাবী জনায় অখিল গগৈয়ে ৷

ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক’লে অখিল গগৈয়ে ?

ইফালে অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সংবাদ মাধ্যমক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে (Akhil Gogoi on media manipulation in Assam)। পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কৌশলেৰে সংবাদ মাধ্যমৰ বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে বুলিও দাবী কৰে বিধায়কজনে । আনহাতে, অসমৰ সংবাদ মাধ্যমে জনতাক লগত লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় বিৰোধী বিধায়কজনে ।

অন্যহাতে, অসম বিধান সভা নিৰপেক্ষ নহয় বুলিও দাবী কৰে বিধায়কজনে । বিশেষকৈ বিধানসভাৰ অধ্যক্ষজন নিৰপেক্ষ নহৈ বিজেপিয়েই হৈ আছে বুলি দাবী কৰে তেওঁ (Akhil Gogoi against speaker of Assam assembly) ৷ আনহাতে, শাসকীয় দলে বিৰোধীৰ মুখবন্ধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগো উত্থাপন কৰে বিধায়ক জনে । আনহাতে, আগন্তুক পৌৰসভাৰ নিৰ্বাচনত ঠায়ে ঠায়ে ৰাইজৰ দলেও নিজা কৈ প্ৰাৰ্থী দিব বুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক জনে ।

লগতে পঢ়ক :আছুৰ বন্ধই বিপাঙত পেলালে দেওবৰীয়া বজাৰৰ বিক্ৰেতা সকলক

ABOUT THE AUTHOR

...view details