ETV Bharat / state

আছুৰ বন্ধই বিপাঙত পেলালে দেওবৰীয়া বজাৰৰ বিক্ৰেতা সকলক 

author img

By

Published : Dec 27, 2021, 4:42 PM IST

দেওবাৰৰ দিনটোত ডিব্ৰুগড়, চাবুৱা, ডিকম, লাহোৱাল, মোহনবাৰী, মৰাণ, খোৱাঙ, নাহৰকটীয়া আদি অঞ্চলত আছুৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ(AASU calls Tinsukia and Dibrugarh Bandh) পৰা দেখা যায় ৷ আছুৰ বন্ধই বিপাঙত পেলালে দেওবৰীয়া বজাৰৰ বিক্ৰেতা সকলক ৷

আছুৰ বন্ধই বিপাঙত পেলালে দেওবৰীয়া বজাৰৰ বিক্ৰেতা সকলক
আছুৰ বন্ধই বিপাঙত পেলালে দেওবৰীয়া বজাৰৰ বিক্ৰেতা সকলক

মৰাণ, 27 ডিচেম্বৰ : দেওবাৰে স্তব্ধ হৈ পৰিল ডিব্ৰুগড়, চাবুৱা, ডিকম, লাহোৱাল, মোহনবাৰী, মৰাণ, খোৱাঙ, নাহৰকটীয়া (AASU calls Tinsukia and Dibrugarh Bandh)। ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী সংঘাতত (Clash between AASU and ACP) জড়িতৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে আছু কৰ্মীক অতি বৰ্বৰভাৱে প্ৰহাৰ আৰু গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আছুৱে দেওবাৰে ঘোষণা কৰা ডিব্ৰুগড় জিলাৰ ২৪ ঘন্টীয়া বন্ধৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

ডিকম বজাৰ, মোহনবাৰী, লাহোৱালত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । বিশেষকৈ ডিকম ঐতিহাসিক সাপ্তাহিক দেওবৰীয়া বজাৰ বন্ধ‌ই সৰ্ব-সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰে । ডিব্ৰুগড়ৰ গ্ৰাম্য অঞ্চলত ৰাইজে সপ্তাহৰ দেওবাৰ দিনটোত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ আহি বিমুখ মনে ঘূৰি যাব লগা হোৱাত ক্ষোভিত হৈ পৰে ।

কিয়নো আছু কৰ্মীক আৰক্ষীয়ে আটক কৰাৰ পাছতে শনিবাৰে হঠাৎ সদৌ অসম ছাত্ৰ সন্থাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বন্ধ ঘোষণা কৰিছিল যদিও এই বন্ধৰ বাৰ্তা লাভ কৰা নাছিল গ্ৰাম্যাঞ্চলৰ সাধাৰণ ৰাইজে । সেয়েহে দেওবাৰে পুৱাই নিজৰ উৎপাদিত সামগ্ৰী বজাৰলৈ আনি বিপাঙত পৰা দেখিবলৈ পোৱা গ'ল বিক্ৰেতাসকল ।

আছুৰ বন্ধই বিপাঙত পেলালে দেওবৰীয়া বজাৰৰ বিক্ৰেতা সকলক

দুই এজন বিক্ৰেতাই আছু কৰ্মী সকলে ন্যায় পোৱাতো তেওঁলোকে বিচাৰে যদিও বন্ধৰ পূৰ্ণ বিৰোধিতা কৰে গ্ৰাম্যাঞ্চলৰ সাধাৰণ ৰাইজে ৷ ইফালে ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হোৱা মাৰপিটৰ ঘটনাত ডিব্ৰুগড় আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যক প্ৰহাৰ কৰাৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে আছু কৰ্মীসকলে (police arrested aasu members ) লগতে আৰক্ষীয়ে আটক কৰি ৰখা ছাত্ৰ কৰ্মী সকলক শীঘ্ৰে মোকলাই নিদিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : AASU calls Tinsukia and Dibrugarh Bandh : তিনিচুকীয়া-ডিব্ৰুগড়ত আছুৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.