অসম

assam

Orunodaya Scheme 2 : ডিমা হাছাওত অৰুণোদয় আঁচনি 2 ৰ শুভাৰম্ভণি

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:58 AM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিমা হাছাও জিলাত অৰুণোদয় আঁচনি 2 মুকলি কৰা হয় ৷ এই অনুষ্ঠানত অৰুণোদয় আঁচনি 2 ৰ পাঁচ হাজাৰ মহিলা হিতাধিকাৰীক হাতত এই আঁচনিৰ অধীনত কাৰ্ড প্ৰদান কৰা হয় ৷

ডিমা হাছাওত অৰুণোদয় আঁচনি 2 ৰ উদ্বোধন
ডিমা হাছাওত অৰুণোদয় আঁচনি 2 ৰ উদ্বোধন

ডিমা হাছাওত অৰুণোদয় আঁচনি 2 ৰ উদ্বোধন

হাফলং, 11 অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ডিমা হাছাও জিলাত অৰুণোদয় আঁচনি 2 উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই। হাফলং এন এল দাওলাগাপু খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত অৰুণোদয় আঁচনি 2 ৰ পাঁচ হাজাৰ মহিলা হিতাধিকাৰীক হাতত এই আঁচনিৰ অধীনত কাৰ্ড তুলি দিয়ে অনুষ্ঠানৰ মুখ্য অতিথি দেৱলাল গাৰ্লোচা, পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, প্ৰধান সচিব টি টি দাওলাগাপু আৰু ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে।

ইয়াৰ পূৰ্বে, প্ৰথম পৰ্যায়ত ডিমা হাছাও জিলাৰ 14 হাজাৰ মহিলা হিতাধিকাৰী অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছিল আৰু তেওঁলোকক মাহেকীয়া 850 টকাকৈ সাহায্য আগবঢ়োৱা হৈছিল। এইবাৰ অৰুণোদয় 2 ৰ অধীনত ডিমা হাছাও জিলাত 5 হাজাৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ এই 5 হাজাৰ মহিলাক মাহেকীয়া 1250 টকা কৰি সাহায্য আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে দেৱলাল গাৰ্লোচাই ৷

দেৱলাল গাৰ্লোচাই লগতে কয় যে, অৰুণোদয় আঁচনি হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত কংগ্ৰেছ, বিজেপি আৰু ধৰ্মৰ বাচ-বিচাৰ নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছিল ৷ অসমৰ মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ ক্ষেত্ৰত দুখীয়া পৰিয়ালসমূহক অন্তৰ্ভুক্ত কৰিছে ৷ জল জীৱন মিছন আঁচনিৰ অধীনত ডিমা হাছাও জিলাৰ গাঁৱৰ প্ৰতিটো ঘৰত পানী যোগানৰ ব্যৱস্থা কৰা হৈছে তেনেকৈ হাফলং চহৰত পানীৰ সমস্যা সমাধানৰ বাবে অমৃত আঁচনি হাতত লোৱা হৈছে। এনেদৰে চৰকাৰী আঁচনিৰ সফল ৰূপায়ণ কৰি ডিমা হাছাও জিলাক অসমৰ মাজতে 5 নম্বৰ জিলা হিচাপে লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে এক গোট হৈ কাম কৰা হৈছে ৷

এই অনুষ্ঠানত ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে কয় যে, অৰুণোদয় আঁচনিত দিব্যাংগসকল, বৃদ্ধাশ্ৰমত থকা মহিলা আৰু দুখীয়া পৰিয়ালৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰতি মাহৰ 10 তাৰিখত তেওঁলোকৰ বেংক একাউন্টত জমা হ’ব।

লগতে পঢ়ক:Orunodoi scheme 2.0: আক্ষেপ নকৰিব, 2.0ত নোপোৱা সকলে অৰুণোদয় 3.0ত পাব সুবিধা

ABOUT THE AUTHOR

...view details