অসম

assam

ডিমা হাছাওৰ ভূমিস্খলন আৰু বান বিধস্ত এলেকা পৰিদৰ্শন আছুৰ প্ৰতিনিধি দলৰ

By

Published : May 22, 2022, 7:04 PM IST

প্ৰকৃতিৰ ভয়াৱহ ৰোষৰ বলি হোৱা ডিমা হাছাওত বৰ্তমানো অস্থিৰ পৰিস্থিতি(Deadly landslide in Dima Hasao district) । আৰ্তজনৰ কাষত ঠিয় দিছে বহু সুহৃদয়বান লোক । সমান্তৰালভাৱে ডিমা হাছাওৰ ভূমিস্খলন আৰু বানত ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন আছুৰ প্ৰতিনিধি দলৰ ।

delegation of aasu visit areas affected by landslide in dima hasao
ডিমা হাছাওৰ ভূমিস্খলন আৰু বানত ক্ষতিগ্ৰস্থ এলেকা পৰিদৰ্শন আছুৰ প্ৰতিনিধি দলৰ

ডিমা হাছাও,২২ মে': প্ৰবল প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত শনিবাৰে উপস্থিত হয় আছুৰ এক প্ৰতিনিধি দল । জৰ্জৰিত অঞ্চলটোত উপস্থিত হৈ প্ৰতিনিধি দলটোৱে ভূমিস্খলন আৰু বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হোৱা হাফলংৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে । আছুৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ।

দেওবাৰে হাফলঙৰ মলহয় গাঁও আৰু হাফলংৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে দলটোৱে । লগতে হাফলংৰ ওচৰতে থকা হকাই পুনজি গাঁৱত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা তিনিগৰাকী লোকৰ দুৰ্ভগীয়া পৰিয়ালকেইটিক সাক্ষাৎ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু শংকৰ জ্যোতি বৰুৱাই । পৰিয়াল তিনিটাক সাহায্য আৰু সহযোগিতা প্ৰদানৰ আশ্বাস দিয়ে আছুৰ প্ৰতিনিধি দলটোৱে ।

দেওবাৰে হাফলঙৰ মলহয় গাঁও আৰু হাফলংৰ বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে আছুৰ প্ৰতিনিধি দলটোৱে

উল্লেখ্য যে, ভূমিস্খলনৰ লগতে বাঢ়নী পানীয়েও ভয়ংকৰ ৰূপ ধাৰণ কৰে ডিমা হাছাও জিলাত (Flood in Dima Hasao)। জিলাখনৰ বহু লোক ইতিমধ্যে বানপানীৰ ফলত গৃহহীন হৈ পৰিছে । ইফালে ভূমিস্খলনৰ ফলত গাঁও আৰু চহৰৰ বহু লোক ক্ষতিগ্ৰস্ত হোৱা দেখা যায়(Deadly landslide in Dima Hasao district)। বহু লোকৰ ঘৰ এতিয়া হয় পানীৰ তলত, নহ'লে মাটিয়ে পুতি পেলাইছে ।

যোগাযোগ তথা বিদ্যুৎ সেৱাও হৈ পৰে স্তব্ধ । যাৰ পৰিপ্ৰেক্ষিতত কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা । বাতিল কৰা হৈছিল কেইবাখনেো ৰে'ল । বিধ্বস্ত হৈ পৰিল হাফলং ৰে'ল ষ্টেচনটো । এই সকলো অঞ্চল পৰিদৰ্শন কৰে আছুৰ প্ৰতিনিধি দলটোৱে ।

লগতে পঢ়ক:ৰাণা পগাগক জেৰা চলায় কি কি তথ্য পালে গড়মূৰ আৰক্ষীয়ে ?

ABOUT THE AUTHOR

...view details