অসম

assam

ভোটাৰ আছিল 90 গৰাকী, ভোট দিলে 181 গৰাকীয়ে : ক’ত ?

By

Published : Apr 5, 2021, 7:12 PM IST

মুঠ ভোট 90 টা ,ভোটদান হ’ল 181 ৷ কৰ্তব্যত গাফিলতি আৰু উদাসীনতাৰ বাবে 5 গৰাকীকৈ কৰ্মীক চাকৰিৰ পৰা নিলম্বন ৷

ডিমা হাচাওত নিৰ্বাচনী বিষয়াৰ আজৱ ঘটনা
ডিমা হাচাওত নিৰ্বাচনী বিষয়াৰ আজৱ ঘটনা

ডিমা হাছাও, 5 এপ্ৰিল : 1 এপ্ৰিল তাৰিখে ৰাজ্যত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্য়াযৰ নিৰ্বাচন ৷ কিন্তু ডিমা হাছাও জিলাৰ এটা ভোট কেন্দ্ৰত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ ডিমা হাছাও জিলাৰ উমৰাংচু আৰক্ষী থানাৰ পৰা 20/25 কিলোমিটাৰ দূৰত অৱস্থিত 107(এ) খটলিয়াৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰত সংঘটিত হয় ঘটনা ৷

ঘটনাৰ বিৱৰণী মতে, ভোট কেন্দ্ৰটোত মুঠ ভোটাৰৰ সংখ্যা আছিল 90 কিন্তু ইয়াৰ বিপৰীতে ভোটদান হয় 181 টা ৷ ঘটনাটো পোহৰলৈ অহাৰ পাছতেই কৰ্তব্যত গাফিলতি আৰু উদাসীনতাৰ বাবে 5 গৰাকীকৈ ভোট প্ৰক্ৰিয়াত নিয়োজিত বিষয়াক চাকৰিৰপৰা নিলম্বন কৰা হয় ৷

ডিমা হাচাওত নিৰ্বাচনী বিষয়াৰ আজৱ ঘটনা

জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াই নিলম্বন কৰা বিষয়া কেইজন হ’ল প্ৰিজাইডিং বিষয়া উমৰাংচু ছেক্টৰ মৎস উন্নয়ন বিষয়া সেইখোচিয়াম লাংহুম , প্ৰিজাইডিং বিষয়া প্ৰহ্লাদ ৰায় , নিৰ্বাচনী বিষয়া পৰমেশ্বৰ চাৰাংসা, স্বৰাজ কান্তি দাস, লালজামলো থিয়েক ৷

ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰা বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক অৱগত কৰিছে জিলা নিৰ্বাচনী কাৰ্যলয়ে ৷ গুৱাহাটীৰ পৰা সেউজ সংকেত অহাৰ পিছত অহা 8 বা 9 এপ্ৰিলত ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি ডিমা হাচাও জিলা নিৰ্বাচন কাৰ্যালয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান

ABOUT THE AUTHOR

...view details