অসম

assam

Oil India ltd:অসমত ৪ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰিব অইল ইণ্ডিয়া লিমিটেডে

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:49 PM IST

বাঘজানৰ ঘটনাৰ পৰা অইল ইণ্ডিয়াই শিক্ষা লৈছে : অইল ইণ্ডিয়াৰ অধ্যক্ষ: ড৹ ৰঞ্জিত ৰথ ৷

Oil India
অইল ইণ্ডিয়াই শিক্ষা লৈছে

অইল ইণ্ডিয়াই শিক্ষা লৈছে

ডিব্ৰুগড়, 28 আগষ্ট :১৯৫৯ চনৰ ১৮ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘ সময় ধৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খাৰুৱা তেল উৎপাদন কৰি দেশৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে বিবেচিত হৈ আহিছে । ডিব্ৰুগড় জিলাৰ দুলীয়াজানত থকা মুখ্য কাৰ্যালৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ প্ৰতিষ্ঠাৰ দিনৰ পৰা পৰিচালিত হৈ আহিছে ।

দ্ৰুত উদ্যোগিক প্ৰক্ৰিয়াত গুৰুত্ব প্ৰদান কৰা বিজেপি চৰকাৰৰ কাৰ্যালয়ত অইল ইণ্ডিয়া লিমিটেডে আগন্তুক দিনত ৪ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল উৎপাদনৰ লক্ষ্য বান্ধি লৈছে । দুলীয়াজানত সাংবাদিকসকলৰ লগত হোৱা এক বাৰ্তালাপত অনুষ্ঠানত এই কথা সদৰি কৰে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ ৰঞ্জিত ৰথে ।

অইল ইণ্ডিয়া লিমিটেডৰ নতুন উদ্যোগীক ক্ষেত্ৰৰ সভাকক্ষত অনুষ্ঠিত সাংবাদিকসকলৰ সৈতে হোৱা এক বাৰ্তালাপত এই কথা প্ৰকাশ কৰি সম্প্ৰতি ৩.১৮ মিলিয়ন মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰি এতিয়ালৈকে অভিলেখ গঢ়িবলৈ সক্ষম হোৱা অইলে আৰু অধিক অন্বেষণ চলাই উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰে অধ্যক্ষ গৰাকীয়ে । লগতে বৰ্তমান ৪৫ টা স্থানত খনন অব্যাহত ৰখাৰ বিপৰীতে আগন্তুক দিনত আৰু ৭০ টা স্থানত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ কৰিব বুলি জানিবলৈ দিয়ে ।

আনহাতে বাঘজানৰ ঘটনাটো এটা দুৰ্ঘটনা আছিল বুলি মন্তব্য কৰি বাঘজানৰ ঘটনাৰ পৰা অইলে বহুখিনি অভিজ্ঞতা অৰ্জন কৰিলে বুলি কয় । আগন্তুক দিনত তেনেধৰণৰ দুৰ্যোগৰ যাতে সন্মুখীন হ’ব নেলাগে তাৰ প্ৰতি অইল ইণ্ডিয়া সদায় সৰ্তক হৈ থাকিব বুলি কয় ।

আন এক প্ৰশ্নৰ উত্তৰ দি অধ্যক্ষ ড৹ ৰঞ্জিত ৰথে ইতিমধ্যে বাঘজানৰ ক্ষতিগ্ৰস্ত সকলো পৰিয়ালকে তিনিচুকীয়া জিলা প্ৰশাসনৰ জৰিয়তে ক্ষতিপূৰণ দিয়া হৈছে বুলি কৈ আগন্তুক দিনত অসমৰ ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে অইল ইণ্ডিয়াক অধিক উৎপাদনক্ষম কৰি তুলিব পৰা হ’ব বুলি জানিবলৈ দিয়ে । লগতে উত্তৰ পূৰ্বাঞ্চলত প্ৰচুৰ গেছৰ ভাণ্ডাৰ থকাৰ কথা অৱগত কৰি ইতিমধ্যে ত্ৰিপুৰাত সৰু তৈল ক্ষেত্ৰৰ সন্ধান লাভ কৰিছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

ইফালে তৈল নগৰীত বৰ্ধিত জন সংখ্যালৈ লক্ষ্য ৰাখি দুলীয়াজানৰ আন্ত:গাঁথনি অধিক উন্নতি সাধনৰ পৰিকল্পনা কৰা বুলি ড৹ ৰঞ্জিত ৰথে সাংবাদিকক জানিবলৈ দিয়ে । বিশেষকৈ দুলীয়াজানৰ বাটপথ ,নলা- নৰ্দমা, কৃত্ৰিম বানপানী, জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখি তৈল নগৰীখনৰ আন্ত:গাথঁনিৰ উন্নয়ন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

এই অনুষ্ঠানত অইলৰ অধ্যক্ষ ড৹ ৰঞ্জিত ৰথৰ উপৰিও সঞ্চালক পংকজ কুমাৰ গোস্বামী, হৰিশ মাধৱ‌, অশোক দাস আৰু মুখ্য আৱাসিক বিষয়া অথিন্দ্ৰ ৰয়চৌধুৰী অইলৰ উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকে ৷

লগতে পঢ়ক :Crude oil Emissions: বাঘজানৰ দৰে ঘটনা সংঘটিত হ’ব নেকি মৰিয়নীৰ ৫ নম্বৰ তৈলক্ষেত্ৰ ?

ABOUT THE AUTHOR

...view details