অসম

assam

Amritpal Singh in Dibrugarh jail: ডিব্ৰুগড় কাৰাগাৰত ৰাজ আতিথ্যত সময় কটাইছে খালিস্তানী নেতাই

By

Published : Apr 23, 2023, 11:10 PM IST

দেওবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ’ল বহু চৰ্চিত অমৃতপাল সিঙক (Amritpal Singh in Dibrugarh jail) ৷ দেওবাৰৰ পঞ্জাৱৰ মোগা জিলাত ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙে আত্মসমৰ্পন কৰাৰ পিচতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ পিছে ডিব্ৰুগড় কাৰাগাৰত কেনেকৈ আছে অমৃতপাল সিং তথা তেওঁৰ সহযোগী ?

Khalistani leader in royal hospitality in Dibrugarh jail
ৰাজ আতিথ্যত খালিস্তানী নেতা

ৰাজ আতিথ্যত খালিস্তানী নেতা

ডিব্ৰুগড় ,২৩ এপ্ৰিল: দেশৰ ভিতৰতে অতিকৈ চৰ্চিত কাৰাগাৰত হৈ পৰিছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ । পূৰ্বেই ৯ জন খালিস্তানপন্থীক ডিব্ৰুগড়ৰলৈ অনা হৈছিল যদিও দেওবাৰে ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পাচতেই পোনে পোনে লৈ অহা হ'ল ডিব্ৰুগড় কাৰাগাৰলৈ । অমৃতপাল সিঙৰ সৈতে পঞ্জাৱ আৰক্ষীৰ এটা বৃহৎ দল আহি উপস্থিত হয় ডিব্ৰুগড়, কেন্দ্ৰীয় কাৰাগাৰত (Khalistani leader in Dibrugarh jail) ।

৩৬ দিনৰ অন্তত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিং ডিব্ৰুগড়ৰ কাৰাগাৰ আহি পোৱাৰ পূৰ্বেই কাৰাগাৰৰ ভিতৰত অধিক চিচি টিভি কেমেৰা সংস্থাপন কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিছে আৰক্ষীয়ে (Amritpal Singh in Dibrugarh jail) । ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা কামাণ্ডোৰ জৰিয়তে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

পঞ্জাৱৰ বিচ্ছিন্নতাবাদী সংগঠন নেতা সকলক কিয় ডিব্ৰুগড়লৈ লৈ অনা হৈছে সেই কথা আজিও ৰহস্যৰ মাজত আছে যদিও খালিস্তানী নেতাসকলৰ নিৰাপত্তাত অলপো ত্ৰুটি ৰখা নাই ডিব্ৰুগড় আৰক্ষীয়ে । এক প্ৰকাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে পূৰ্বে অনা খালিস্তানী বিচ্ছিন্নতাবাদী নেতা সকলে (Amritpal Singh taken to Dibrugarh jail in Assam) ।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেল প্ৰস্তুত কৰি ৰখা হৈছে খালিস্তানী নেতাৰসকলক (Amritpal Singh latest news) । ৱাৰিছ পঞ্জাৱ দেৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ খুৰাক তথা ব্যক্তিগত উপদেষ্টা বিত্তীয় সচিব হৰজিৎ সিং, বিচ্ছিন্নতাবাদী নেতা ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী, অমৃতপাল সিঙৰ বিত্ত সহায়ক দলজিৎ কালচি, দেহৰক্ষী বসন্ত সিং ফৌজী, অন্যতম ঘনিষ্ঠ গুৰমিৎ সিং ভূষণবালা, কুলৱন্ত সিং ঢালিৱাল আৰু গুৰুন্দিৰ পাল সিং সম্প্ৰতি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ত বন্দী হৈ আছে ।

ভি আই পি সদৃশ মৰ্যাদা প্ৰদানত কাৰাগাৰ কৰ্তৃপক্ষই কোনো কৃপণালি কৰা নাই । তেওঁলোকৰ সুখ নিদ্ৰাৰ বাবে ডানলোপ, মনোৰঞ্জনৰ বাবে ৰঙীন টিভি, মন পছন্দৰ খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে । অমৃতপাল সিঙক দেওবাৰে কাৰাগাৰৰ ভিতৰত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:Jorhat AJYCP protest : NEIST ৰ নিযুক্তি প্ৰক্ৰিয়াত থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰাৰ অভিযোগত AJYCP ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details