ডিব্ৰুগড়, 18 অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্যত কোনেও অবৈধ কাম-কাজ কৰিব নোৱাৰিব । কিন্তু সময় পাৰ হোৱাৰ লগে লগে যেন সকলো ফুটুকাৰ ফেন হ'ল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এতিয়া অবাধে চলিছে গৰু, কাঠ, বালি, পলসৰ অবৈধ সৰবৰাহ ।
ইয়াৰ মাজতে পোহৰলৈ আহিছে লাহোৱালৰ বকুল মাজগাঁৱৰ চেঁচা নৈত লাখ লাখ কৰ ফাঁকি দি চলিছে অবৈধ মাটি আৰু পলস খনন । লাহোৱালত এতিয়া ভূ-মাফিয়াৰ দপদপনিত অসহায় হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল মাজগাঁৱৰ চেঁচা নৈত ভূ-মাফিয়াই এফালৰ চৰকাৰী ভূমিত দিনে-নিশাই চলাই গৈছে ধ্বংসযজ্ঞ ।
ৰাইজৰ অভিযোগ, ভূ-মাফিয়াই চেঁচা নৈৰ পাৰত খনন কৰি নিতৌ শ শ ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰেৰে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত মাটি আৰু পলস বিক্ৰী কৰি আহিছে । প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খান্দি মাটি সৰবৰাহ কৰাত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে স্থানীয় 50 খনতকৈ অধিক গাঁৱলৈ ।