অসম

assam

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল মাখল পৰিৱেশ

By

Published : Sep 11, 2022, 4:32 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল মাখল পৰিৱেশ । বিশ্ববিদ্যালয়খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ সোণালী জয়ন্তীৰ (Golden Jubilee of Padmanath Gohain Baruah Hostel) সামৰণি অনুষ্ঠান উপলক্ষে উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।

Golden Jubilee of Padmanath Gohain Baruah Hostel
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল মাখল পৰিৱেশ

মৰাণ, ১১ ছেপ্টেম্বৰ:সাংস্কৃতিক সমাৰোহেৰে মুখৰিত হৈছে নাহৰৰ দেশ । দেওবাৰে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ জৰিয়তে প্ৰাণ পাই উঠিল উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাস । সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ (Dibrugarh University)ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসে(Padmanath Gohain Baruah Hostel of DU) এই উপলক্ষে ৰূপায়ণ কৰিলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ।

সোণালী জয়ন্তী(Golden Jubilee of Padmanath Gohain Baruah Hostel)বৰ্ষৰ সৈতে সংগতি ৰাখি তিনিদিনীয়াকৈ আয়োজন কৰা হয় স্বৰ্ণ সৌৰভ(Swarna Saurav in Dibrugarh University) শীৰ্ষক কাৰ্যসূচী । স্বৰ্ণ সৌৰভৰ অন্তিম দিনাৰ কাৰ্যসূচীত ৰূপায়ণ কৰা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাই উদ্বোধন কৰাৰ পিছত ছাত্ৰাৱাসৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰাৱাস তথা বিভাগৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই ৰজনজনাই তুলিলে নাহৰৰ দেশক ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উখল মাখল পৰিৱেশ

দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই সাংস্কৃতিক শোভাযাত্ৰাত (Cultural procession in Dibrugarh University) অংশগ্ৰহণ কৰে । পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ পৰা শোভাযাত্ৰাটোৱে বিশ্ববিদ্যালয়ৰ প্ৰথম প্ৰৱেশদ্বাৰেদি গৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জ্যোতি বাটচ'ৰায়েদি প্ৰৱেশ কৰি ৰংঘৰ প্ৰাংগণত সমাপন কৰে ।

উল্লেখ্য় যে, ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ পূৱ প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয় । ১৯৬৫ এই বিশ্ববিদ্যালখনয় স্থাপিত হৈছিল । উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত এইখন বিশ্ববিদ্যালয়ত কলা,বিজ্ঞান,বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰ আছে । এই বিশ্ববিদ্যালয়খনৰেই অন্য়তম ছাত্ৰাবাস হৈছে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাস।

লগতে পঢ়ক:অসম যেতিয়ালৈকে থাকিব ভ্ৰাম্যমাণ থিয়েটাৰো থাকিব: নয়ন নীলিম

ABOUT THE AUTHOR

...view details