অসম

assam

Traffic Congestion: তীব্ৰ যানজঁট; পদপথৰ ব্যৱসায়ীক কঠোৰ সকীয়নি মৰাণ ৰাজহ চক্ৰ বিষয়াৰ

By

Published : Aug 9, 2023, 10:57 PM IST

তীব্ৰ যানজঁটৰ সমস্যাই দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে মৰাণৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন লোকক ৷ পদপথৰ ব্যৱসায়ীক কঠোৰ সকীয়নি ৰাজহ চক্ৰ বিষয়াৰ ৷

Drive against Street Vendors in Moran
যানজঁটৰ সমস্যা

পদপথৰ ব্যৱসায়ীক কঠোৰ সকীয়নি

ডিব্ৰুগড়, 9 আগষ্ট : ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত ৰাজ্যৰ এখন আগশাৰীৰ নগৰ মৰাণ ৷ উজনি অসমৰ ব্যৱসায়-বাণিজ্যৰ এক অন্যতম গুৰুত্বপূৰ্ণ স্থান মৰাণ ৷ কিন্তু তীব্ৰ যানজঁটৰ সমস্যাই দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে মৰাণৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন লোকক ৷

নগৰখনৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা যানজঁটৰ সমস্যা দীৰ্ঘদিনীয়া ৷ ইয়াৰ মূলতে হ'ল পদপথ দখল কৰি একাংশই চলাইছে ব্যৱসায় ৷ ৰাইজৰ লগতে মৰাণৰ দল-সংগঠনৰ দীৰ্ঘদিনীয়া দাবী মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱসায়ী সকলক উচ্ছেদ কৰি যানজঁটৰ সমস্যা নোহোৱা কৰিব লাগে ৷ ইয়াৰ পাছতে হঠাৎ আৰক্ষীক লগত লৈ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰাণ নগৰ পৰিভ্ৰমণ কৰে চক্ৰ বিষয়া ড৹ সংগীতা শৰ্মাই ৷

উল্লেখযোগ্য যে, মৰাণৰ বিভিন্ন দল- সংগঠনৰ লগতে ৰাইজৰ অভিযোগৰ ভিত্তিত মৰাণৰ ফুটপাথ দখল কৰা আৰু বজাৰ সমূহ বিশৃংখল কৈ বহোৱাই বেপাৰ কৰা অস্থায়ী ক্ষুদ্ৰ ব্যৱসায়ী সকলক শৃংখলাবদ্ধ কৈ বেপাৰ বহাবলৈ নিৰ্দেশ দিয়ে আৰু ফুটপাথৰ পৰা বাৰ ফুট লৈকেহে বজাৰ বহাবলৈ নিৰ্দেশ দিয়ে চক্ৰ বিষয়া গৰাকীয়ে ৷ এই নিৰ্দেশ অমান্য কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কয় চক্ৰ বিষয়াগৰাকীয়ে ৷

আনহাতে মৰাণ নগৰৰ মাজেদি পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পুনৰবাৰ জিলা পৰিষদে পাৰ্কিং কৰ উঠাবলৈ লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ চক্ৰ বিষয়া গৰাকীয়ে ৷ চক্ৰ বিষয়া গৰাকীয়ে কয় যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৰ সংগ্ৰহ কৰাতো কোনো অবৈধ নহয় ৷ যান বাহন সমূহ শৃংখলাবদ্ধ কৰি ৰাখিবৰ বাবেহে উঠাব লগীয়া হৈছে এই কৰ ৷

লগতে পঢ়ক :Bribe taking incident: উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক

ABOUT THE AUTHOR

...view details