অসম

assam

ডিব্ৰুগড় বিশ্ববিদ্যালয় কোনো সংগঠনৰ পতাকা তলত নাথাকে : প্ৰৱন গগৈ

By

Published : Apr 9, 2021, 2:09 PM IST

ৰ্বাচনৰ ফলফলা ঘোষণা কৰাৰ পাচতে কেইবাটাও তাৎপৰ্য বহন কৰা মন্তব্য প্ৰকাশ কৰে নৱ নিৰ্বাচিত সভাপতি প্ৰৱন গগৈয়ে ৷ "এইবাৰ নিৰ্বাচনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ পক্ষত থকা ছাত্ৰ-ছাত্ৰী জয়ী হ'ল ৷ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ব বিদ্যালয় কোনো সংগঠনৰ পতাকা তলত নাথাকে ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল কেৱল মাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় পতাকা তলত হে থাকে ৷ এই জয় বিশ্ববিদ্যালয়ৰ সচেতন ছাত্ৰ-ছাত্ৰীৰ জয় ।" সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে পৱন গগৈয়ে ৷

ডিব্ৰুগড় বিশ্ব বিদ্যালয় কোনো সংগঠনৰ পতাকা তলত নাথাকে
ডিব্ৰুগড় বিশ্ব বিদ্যালয় কোনো সংগঠনৰ পতাকা তলত নাথাকে

ডিব্ৰুগড়, 9 এপ্ৰিল :এটা সময়ত এক শক্তিশালি স্থিতি থকা আছুৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন চৰম পৰাজয়বৰণ কৰাৰ বিষয়টোৱে ব্যাপকভাৱে চৰ্ছা লাভ কৰিছে ৷ উল্লেখ্য যে, নিৰ্বাচনৰ ফলফলা ঘোষণা কৰাৰ পাচতে কেইবাটাও তাৎপৰ্য বহন কৰা মন্তব্য প্ৰকাশ কৰে নৱ নিৰ্বাচিত সভাপতি প্ৰৱন গগৈয়ে ৷

"এইবাৰ নিৰ্বাচনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ পক্ষত থকা ছাত্ৰ-ছাত্ৰী জয়ী হ'ল ৷ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ব বিদ্যালয় কোনো সংগঠনৰ পতাকা তলত নাথাকে ৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল কেৱল মাত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় পতাকা তলত হে থাকে ৷ এই জয় বিশ্ববিদ্যালয়ৰ সচেতন ছাত্ৰ-ছাত্ৰীৰ জয় ।"সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰেপৱন গগৈয়ে ৷

ডিব্ৰুগড় বিশ্ব বিদ্যালয় কোনো সংগঠনৰ পতাকা তলত নাথাকে

মন কৰিবলগীয়া যে, আছুৰ সমৰ্থিত বহু চৰ্চিত সভাপতি পদৰ প্ৰাৰ্থী ধৃতিষা গগৈয়ে 1614 টা ভোট লাভ কৰাৰ বিপৰীতে পৱন গগৈয়ে 1670 টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে। অৰ্থাৎ তীব্ৰ প্ৰতিদ্বন্দিতা সন্মুখিন হয় নৱ নিৰ্বাচিত প্ৰৱন গগৈ ৷ প্ৰৱন গগৈৰ বিৰুদ্ধে মাত্ৰ 56 টা ভোটতহে ধৃতিষা গগৈ পৰাজিত হয় ৷

লগতে পঢ়ক : প্ৰতিদ্বন্দিতামূলক ভাৱে সামৰণি পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details