অসম

assam

Anti ragging commitee of Dibrugarh University: আজিও অসম্পূৰ্ণ অৱস্থাত ডিব্ৰুগড় বিশ্ববিদ্যালয় এন্টি ৰেগিং কমিটিৰ তদন্ত

By

Published : Dec 2, 2022, 7:29 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাজ্য কপোৱা ৰেগিংকাণ্ড সংঘটিত হোৱাৰ পাছতো সম্পূৰ্ণ নহ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয় এন্টি ৰেগিং কমিটিৰ তদন্ত (Anti ragging commitee of Dibrugarh University)৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতহে গা লৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৷

Dibrugarh University Anti Ragging Committee report still incomplete
Anti ragging commitee of Dibrugarh University: আজিও অসম্পূৰ্ণ অৱস্থাত ডিব্ৰুগড় বিশ্ববিদ্যালয় এন্টি ৰেগিং কমিটিৰ তদন্ত

ডিব্ৰুগড়,2 ডিচেম্বৰ: আজিও সম্পূৰ্ণ নহ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয় এন্টি ৰেগিং কমিটিৰ তদন্ত (Anti ragging commitee of Dibrugarh University))৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতহে গা লৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ৷ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতহে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ চলাইছে ৰাজ্য কঁপাই যোৱা ৰেগিংকাণ্ডৰ তদন্ত(Dibrugarh university ragging) ।

Anti ragging commitee of Dibrugarh University: আজিও অসম্পূৰ্ণ অৱস্থাত ডিব্ৰুগড় বিশ্ববিদ্যালয় এন্টি ৰেগিং কমিটিৰ তদন্ত

বুধবাৰে বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিয়ে ঘটনাৰ লগত জড়িত ৪ জন ছাত্ৰক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰাকৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্ত সেইদিনাও তদন্ত সম্পূৰ্ণ কৰিব নোৱৰাত বৃহস্পতিবাৰে কমিটিৰ আগত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাকে ধৰি আন ১১ ছাত্ৰক । কিন্তু বৃহস্পতিবাৰেও সকলো ছাত্ৰ উপস্থিত নথকাত সম্পূৰ্ণ নহ'ল তদন্ত ।

ইয়াৰ পাছত আজি বাকী থকা ছাত্ৰ সকলক এন্টি ৰেগিং কমিটিয়ে তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও আজি এন্টি ৰেগিং কমিটিৰ ওচৰত ভাৰ্চুৱেলি ভাষ্য প্ৰদান কৰিলে এজন অভিযুক্ত ছাত্ৰই । কাইলৈহে আন পাঁচজন অভিযুক্ত ছাত্ৰৰ পৰা ভাষ্য গ্ৰহণ কৰিব সমিতিয়ে । কাৰাগাৰত থকা ছাত্ৰ কেইজনৰ পৰা ভাষ্য লোৱাৰ অনুমতি কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা পোৱা নাই বাবেই ভাষ্য গ্ৰহণ কৰিব পৰা নাই বুলি উল্লেখ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকীয়ে ।

কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা অনুমতি পালেই শনিবাৰে ছাত্ৰ কেইজনৰ ভাষ্য গ্ৰহণ কৰিব বুলি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিয়ে । আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাৰ বাবে গঠন কৰি দিয়া উচ্চ পৰ্যায়ৰ তদন্ত সমিতিৰ বৈঠক আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে । পঞ্জীয়ক, ৱাৰ্ডেন, শিক্ষক, ছিকিউৰিটী ইত্যাদি বিভিন্ন পক্ষৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে সমিতিয়ে ।

সন্ধিয়া বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ ভাষ্য গ্ৰহণ কৰিব সমিতিয়ে । কাইলৈ সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক:Badaruddin Ajmal Statement : হিন্দু পুৰুষে 40 বছৰ বয়সলৈকে লিপ্ত থাকে অবৈধ সম্পৰ্কত !

ABOUT THE AUTHOR

...view details