অসম

assam

Sudarshan Theatre rehearsal: দুটা বছৰৰ অন্তত পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ থিয়েটাৰ

By

Published : Aug 3, 2022, 4:52 PM IST

অতিমাৰীয়ে জুৰুলা কৰা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন সজীৱ হৈ পৰিব এদিন, এই আশাৰেই আগবাঢ়ি আহিছে বিভিন্ন নাট্যগোষ্ঠী দল ৷ নাহৰকটীয়াৰ সুদৰ্শন থিয়েটাৰৰ আখৰাগৃহত এতিয়া উদুলি-মুদুলি পৰিৱেশ ৷ হেঁপাহেৰে আখৰালৈ বুলি ওলাই আহিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ কলা-কুশলীসকল ৷ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

theater
দুটা বছৰৰ অন্তত পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ থিয়েটাৰ

চিটাৰা ডেস্ক, 3 আগষ্ট : দুবছৰে মনোৰঞ্জন তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকি বহু লোকেই পাহৰি পেলাইছে জীৱন জীয়াই থকাৰ মাদকতা ৷ ক’ভিডে আমাক আৱদ্ধ কৰি ৰাখিছিল চাৰিবেৰৰ মাজত আৰু তেতিয়াই মনোৰঞ্জনৰ বাবেই হওঁক নতুবা নিজকে ব্যস্ত ৰখাৰ স্বাৰ্থতে হওঁক আমি সকলো হৈ পৰিছিলো বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰীৰ দাস ৷ লাহে লাহে এতিয়া পৰিস্থিতি সুচল হৈ আহিছে যদিও আমি যেন ওলাই আহিব পৰা নাই ম’বাইল নাইবা টিভিটোৰ পৰা ৷

ক’ভিড মহামাৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ সময়তে বহু সাংস্কৃতিপ্ৰেমী ব্যক্তিত্বই মৰসাহ কৰি বিগত বছৰৰ শেষ সময়চোৱাৰ পৰা চলিত বৰ্ষৰ এই সময়চোৱালৈকে কেইবাখনো তত্বগধুৰ লগতে মনোৰঞ্জনৰ সকলো ৰসৰে পৰিপূৰ্ণ অসমীয়া চিনেমা নিৰ্মাণ কৰিলে ৷ পাৰ্যমানে প্ৰচাৰো চলালে তেওঁলোকে ৷ বিজ্ঞসকলেও সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়াক অনুৰোধ কৰিলে অসমীয়া ছবি চাই ডুবিব ধৰা উদ্যোগটোক বচাই ৰাখিবলৈ ৷ কিন্তু ক’ৰবাত অসফল হৈছে সকলো !

কৰিব পৰা খিনি নিশ্চয়কৈ আমাৰ হাততেই আছে ৷ প্ৰতিজন অসমীয়া চলচ্চিত্ৰপ্ৰেমী তথা সাংস্কৃতিক জগতখনক ভালপোৱা প্ৰত্যেকেই যদি আমি চিত্ৰ নিৰ্মাতা তথা কলা-কুশলীসকলক সহযোগিতাৰ অৰ্থে আগবাঢ়ি আহো, তেন্তে নিশ্চয়কৈ ঠন ধৰি উঠিব অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন ৷ ইতিমধ্যেই কাম কৰি থকা সকলৰ বহুতেই বহুত কৰি আছে ৷ তেওঁলোক মাথো প্ৰয়োজন আমাৰ অলপ সহায়ৰ ৷

থিয়েটাৰপ্ৰেমী ৰাইজৰ বাবে সুখবৰ ৷ ক’ভিডৰ পিছত ঠায়ে ঠায়ে পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ থিয়েটাৰ (Theater is back to life) ৷ নাহৰকটীয়াৰ সুদৰ্শন থিয়েটাৰ আগবাঢ়ি আহিছে তিনিখন সুন্দৰ নাটকৰ সৈতে ৷ সুদৰ্শন থিয়েটাৰৰ আখৰাগৃহত এতিয়া পূৰ্ণগতিত চলিছে নাটকৰ আখৰা ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰে স্তব্ধ হৈ আছিল ভ্ৰাম্যমাণ নাট্যদলৰ যাত্ৰা ।

আগন্তুক ২০২২-২৩ নাট্যবৰ্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰ সমূহ । আখৰা গৃহ সমূহত এতিয়া ব্যাপক ব্যস্ততা ৷ আপোনালোকক দেখুৱাবলৈ লৈছো নাহৰকটীয়াৰ চাচনীৰ সুদৰ্শন থিয়েটাৰৰ আখৰাস্থলী ৷ চাওক ভিডিঅ’টো-

দুটা বছৰৰ অন্তত পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ থিয়েটাৰ

এইয়া নাট্যকাৰ মৃদুল চুতীয়াৰ পৰিচালনাত শুক্ৰবাৰৰ পৰা সুদৰ্শন থিয়েটাৰৰ কলা কুশলীসকলে আৰম্ভ কৰিছে নাটকৰ আখৰা । নাট্যকাৰ মৃদুল চুতীয়াৰ লংকা বিহীন ৰাৱন,বিন্ধা আৰু পল্লৱ পৱনৰ বীৰভানু নামৰ তিনিখনকৈ নাটকৰে দৰ্শকৰ মন জয় কৰিবলৈ সাজু হৈছে সুদৰ্শন থিয়েটাৰ (Modern Assamese theatre) । ৰাজ্যত সংঘটিত হত্যা, ধৰ্ষণ,ড্ৰাগছৰ অবাধ বেহা আৰু শেহতীয়াকৈ অপৰাধীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গ্ৰহণ কৰা এনকাউন্টাৰ নীতিক লৈ নাট্যকাৰ মৃদুল চুতীয়াই ৰচনা কৰি উলিয়াইছে বিন্ধা নামৰ নাটকখন আৰু এই বিন্ধাই এইবাৰ ভ্ৰাম্যমাণৰ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী নাট্যকাৰ তথা পৰিচালক মৃদুল চুতীয়া ।

ক'ভিডে দুটা বছৰ জুৰুলা কৰাৰ পিছত পুনৰ চলিত বৰ্ষৰ পৰা আৰম্ভ হ'ব লগা ভ্ৰাম্যমাণৰ যাত্ৰাই দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হ'ব বুলি আশাবাদী নাট্যকাৰ মৃদুল চুতীয়া । উল্লেখ্য যে, শেহতীয়াকৈ নামনি অসমৰ বান পৰিস্থিতিয়ে ব্যাপক ঋণাত্মক প্ৰভাৱ পেলাইছে ভ্ৰাম্যমাণ থিয়েটাৰ সমূহৰ ওপৰত । বিগত বৰ্ষৰ তুলনাত এইবাৰ থিয়েটাৰৰ বুকিং যথেষ্ট কম তথাপিতো অহা ২৫ আগষ্টৰ পৰা উজনি অসমৰ পৰাই সুদৰ্শন থিয়েটাৰৰ যাত্ৰা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে প্ৰযোজক ক্ষীৰোদ খনিকৰে ।

লগতে পঢ়ক :Culture Event in Thailand: থাইলেণ্ডত পৰিৱেশন অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান

ABOUT THE AUTHOR

...view details