অসম

assam

Kidnapped in Dibrugarh : অপহৃত কিশোৰীৰ সন্ধান নাই আজিও, মানৱ সৰবৰাহ চক্ৰ জড়িত থকাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:05 PM IST

দিন দুপৰতে নামৰূপৰ হাপজান পৰ্বত চাহ বাগিচাৰ পৰা অপহৃত কিশোৰীৰ আজিও নাই সন্ধান ৷ ঘটনা সন্দৰ্ভত 3 জনকৈ অপহৰণকাৰীক নামৰূপ আৰক্ষীয়ে আটক কৰিছে যদিও কিশোৰীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷

Kidnapped in Dibrugarh
অপহৃত কিশোৰীৰ সন্ধান নাই আজিও

অপহৃত কিশোৰীৰ সন্ধান নাই আজিও

ডিব্ৰুগড়, 14 অক্টোবৰ: ৰাজ্যত আজিও সক্ৰিয় ৰূপত আছে মানৱ সৰবৰাহকাৰী চক্ৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাখনতো মানৱ সৰবৰাহকাৰীৰ এক বৃহৎ চক্ৰ পোহৰলৈ আহিছে । কিয়নো দিন দুপৰতে নামৰূপৰ হাপজান পৰ্বত চাহ বাগিচাৰ পৰা অপহৃত হৈছে এগৰাকী কিশোৰী ৷ আজি পৰ্যন্ত সন্ধান পাবলৈ সক্ষম হোৱা নাই কিশোৰীগৰাকীৰ ।

নামৰূপ থানাৰ অন্তৰ্গত হাপজান পৰ্বত চাহ বাগিচাৰ পৰা 3 অক্টোবৰৰ দিনা 9 বছৰীয়া এগৰাকী শিশু অপহৰণ হোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছিল চাঞ্চল্য । ঘটনাৰ সৈতে জড়িত 3 জনকৈ অপহৰণকাৰীক নামৰূপ আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । নামৰূপ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি নামৰূপৰ হাপজান পৰ্বত চাহ বাগিচাৰ ধীৰাজ গড়ৰ কন্যা মণি গড় নামৰ কিশোৰীগৰাকীক 3 অক্টোবৰৰ দিনা দুপৰীয়া 2 মান বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ ওচৰৰে এজন যুৱকে ফুচুলাই কেইজনমান যুৱকৰ সৈতে গাড়ীত উঠাই ধেমাজি হৈ অৰুণাচলৰ ইটানগৰলৈ পলুৱাই লৈ যায় ।

নামৰূপ আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে যুৱককেইজনে অৰুণাচলৰ এটি পৰিয়ালক ঘৰুৱা কামত সহায় কৰি দিয়াৰ উদ্দেশ্যৰে কিশোৰীগৰাকীক পৰিয়ালটোৰ হাতত গতাই দিয়ে যদিও অৰুণাচলৰ সেই পৰিয়ালটোৰ পৰা পিছদিনাই কিশোৰীগৰাকীয়ে পলাই যোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । কিন্তু এতিয়ালৈকে কিশোৰীগৰাকীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে ।

নামৰূপ থানাৰ আৰক্ষীয়ে ইতিমধ্যে যুৱককেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নামৰূপ আৰক্ষীয়ে Case No-82/2023 U/S 372 IPC ধাৰাত ঘটনাৰ লগত জড়িত তিনিজনক ডিব্ৰুগড় জেললৈ প্ৰেৰণ কৰিছে । ৰঙাঘৰৰ আলহী হোৱা যুৱককেইজন নচিব মূৰাৰী (20) ,জিন্টু মনি গগৈ (33) ,অভিমন্যু কৰ (23 ) বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

কিশোৰী গৰাকীৰ অপহৰণ কাৰ্যত এক বৃহৎ মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে কিশোৰগৰাকীক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা বুলি জানিবলৈ দিছে ।

লগতে পঢ়ক:Health sector of Assam : মামা-ভাগিনৰ সম্পৰ্ক শেষ বুলি কিয় দাবী কৰিলে ৰাণা গোস্বামীয়ে?

ABOUT THE AUTHOR

...view details