অসম

assam

Fake notes seized : ধুবুৰীত জাল নোট-ড্ৰাগছ জব্দসহ তিনি যুৱকক আটক

By

Published : Mar 21, 2023, 10:49 PM IST

ধুবুৰী আৰক্ষী থানা এলেকাৰ ভাৰত বাংলা সীমান্তৰ তিস্তাপাৰা অঞ্চলত আৰক্ষীৰ অভিযান । ধুবুৰীত আৰক্ষী আৰু বি এছ এফৰ এই অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট আৰু ড্ৰাগছ (Fake notes and drugs seized in Dhubri) । লগতে আৰক্ষীয়ে আটক কৰে তিনি যুৱকক ।

Fake notes seized
ধুবুৰী আৰক্ষী আৰু বি এছ এফৰ অভিযান

ধুবুৰী আৰক্ষী আৰু বি এছ এফৰ অভিযান

ধুবুৰী, 21 মাৰ্চ : মঙলবাৰে পুৱতি নিশা ধুবুৰী আৰক্ষী থানা এলেকাৰ ভাৰত বাংলা সীমান্তৰ তিস্তাপাৰা অঞ্চলত ধুবুৰী আৰক্ষী আৰু বি এছ এফে চলাই এক অভিযান (Dhubri police operation against drugs) ৷ ধুবুৰীৰ ভাৰত বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনী আৰু ধুবুৰী আৰক্ষীয়ে চলোৱা যৌথ অভিযানত বৃহৎ পৰিমাণৰ ভাৰতীয় জাল নোট আৰু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় (Fake notes and drugs seized in Dhubri) ৷ লগতে অভিযানকাৰী দলটোৱে ঘটনা সংক্ৰান্তত আটক কৰে তিনি যুৱকক ৷

ধুবুৰী থানাৰ সদৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, ভাৰত বাংলা সীমান্তৰ তিস্তাপাৰা অঞ্চলত 19 নং বেটেলিয়নৰ সীমান্ত সুৰক্ষা বাহিনী আৰু ধুবুৰী আৰক্ষীৰ দল এটাই এক গোপন তথ্যৰ ভিত্তিত চলাই এক অভিযান । এই অভিযানতে ১ লাখ টকাৰ ভাৰতীয় জাল নোটসহ 39 টা কণ্টেইনাৰ ভৰ্তি কিছু সন্দেহজনক হেৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আটক কৰে তিনিজন যুৱকক ।

লগতে পঢ়ক :HSLC paper leak case : লখিমপুৰত পুনৰ আটক ৩ জন

ধৃত তিনি যুৱক হৈছে নুৰ আলম শেখ, নুৰ জামাল শেখ আৰু নুৰ হুছেইন (Three youths detain with fake notes)। ধৃত এই তিনি যুৱকৰ ভিতৰত নুৰ আলম শেখক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নুৰ জামাল শেখ আৰু নুৰ হুছেইনক বৰ্তমানো সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে । কিন্তু ভাৰতীয় জাল নোটখিনি ক’ৰ পৰা কি দৰে সৰবৰাহ কৰা হৈছে সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে স্পষ্ট হ’ব (Fake notes seized in Dhubri)।

লগতে ইয়াৰ সৈতে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো তথ্য স্পষ্ট হৈ পৰিব ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এক চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :Broiler syndicate : পশ্চিমবংগৰ পৰা জল পথেৰে ব্ৰইলাৰৰ অবৈধ সৰবৰাহ

ABOUT THE AUTHOR

...view details