ETV Bharat / state

Broiler syndicate : পশ্চিমবংগৰ পৰা জল পথেৰে ব্ৰইলাৰৰ অবৈধ সৰবৰাহ

author img

By

Published : Mar 21, 2023, 12:39 PM IST

ধুবুৰী-গোৱালপাৰা সীমান্তলৈ পশ্চিমবংগৰ পৰা ব্ৰইলাৰৰ অবৈধ সৰবৰাহ (Illegal supply of broilers)। নাৱেৰে অনা ব্ৰইলাৰ পুনৰ চাৰিচকীয়া বাহনেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ । অসমত বহিঃৰাজ্যৰ ব্ৰইলাৰ নিষিদ্ধ ঘোষণা কৰাৰ পাছতো চিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰিছে । প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা ।

Broiler syndicate
পশ্চিমবংগৰ পৰা জল পথেৰে ব্ৰইলাৰৰ অবৈধ সৰবৰাহ

পশ্চিমবংগৰ পৰা জল পথেৰে ব্ৰইলাৰৰ অবৈধ সৰবৰাহ

গোৱালপাৰা,২১ মাৰ্চ : অসমত বহিঃৰাজ্যৰ ব্ৰইলাৰ নিষিদ্ধ কৰা হৈছে (Outside state broiler banned in Assam)। ইতিমধ্যে প্ৰশাসন লগতে অসম চৰকাৰ পশুপালন বিভাগেও এই সন্দৰ্ভত চোকা দৃষ্টি ৰাখিছে । পিছে তাৰ মাজতো চিণ্ডিকেট চক্ৰই ব্ৰইলাৰৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । নতুন নতুন কৌশল অৱলম্বন কৰি চিণ্ডিকেট চক্ৰই নিতৌ পশ্চিমবংগকে ধৰি বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ সৰবৰাহ অব্যাহত ৰাখিছে (Illegal supply of broilers from outside Assam)।

অভিযোগ অনুসৰি গোৱালপাৰাৰ সীমান্তৱৰ্তী নিছিনপুৰঘাটত ব্রইলাৰৰ বৃহৎ চিণ্ডিকেট চক্ৰটো সক্ৰিয় হৈ উঠিছে (Broiler syndicate in Assam)। পশ্চিমবংগৰ ব্ৰইলাৰ এতিয়া উভৈনদী হৈ পৰিছে গোৱালপাৰা, বঙাইগাঁৱত ।

প্ৰতিদিনে নদী পথেৰে সৰবৰাহ হৈছে কুইণ্টলে কুইণ্টলে ব্ৰইলাৰ । অভিযোগ অনুসৰি পশ্চিবংগৰ পৰা ধুবুৰী হৈ চিণ্ডিকেট চক্ৰই ব্ৰইলাৰ সৰবৰাহ কৰি আছে । কিন্তু সকলো দেখিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে । ব্ৰইলাৰৰ এই অবৈধ সৰবৰাহত চৰকাৰী বিষয়া বা প্ৰশাসনৰ লোক জড়িত আছে নেকি ?

ধুবুৰী আৰু গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী জলেশ্বৰৰ নিছিনপুৰঘাটত জল পথেৰে ব্ৰইলাৰ সৰবৰাহৰ দৃশ্য সংবাদ মাধ্যমৰ কেমেৰাত বন্দী হ'ল (Supply of broilers by water route)। এখন দুখন নহয় প্ৰায় ৫ খনকৈ যন্ত্ৰচালিত নাৱেৰে ধুবুৰীৰ পৰা জল পথেৰে গোৱালপাৰাৰ সীমান্তৱৰ্তী জলেশ্বৰৰ নিছিনপুৰ ঘাটত দৈনিক সৰবৰাহ হৈছে ব্ৰইলাৰ । এনে দৃশ্য দেখাৰ পাছত এতিয়া অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে । বাৰ্ড ফ্লুৰ কথা চিন্তা কৰি শংকিত হৈ পৰিছে ৰাইজ ।

স্থানীয় লোক অভিযোগ কৰা মতে নিছিনপুৰঘাটৰ পৰাই চাৰি চকীয়া বাহনেৰে জলেশ্বৰৰ মাজেৰে মেঘালয় তথা গোৱালপাৰা,বঙাইগাঁও আদি জিলাৰ বিভিন্ন বজাৰলৈ লৈ যোৱা হয় পশ্চিমবংগৰ ব্ৰইলাৰ । আচৰিত কথাটো হ'ল এই ক্ষেত্ৰত কিয় এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ? অতি শীঘ্ৰে এই চিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় সংগঠন তথা ৰাইজে ।

লগতে পঢ়ক :Body recovered in Nalbari: নলবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.