ধুবুৰী, 27 মে’ : আকৌ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ অসম আৰক্ষীৰ গুলী ফুটিল ধুবুৰীত (Assam Police Firing in Dhubri) ৷ গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ উদ্দেশ্যি ধুবুৰী আৰক্ষীয়ে শূণ্যলৈ কৰে গুলীচালনা ৷
ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ভাস্কৰজ্যোতি নাথে উল্লেখ কৰা অনুসৰি, বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতিৰ ফলত উন্মুক্ত হৈ আছে সীমান্তৰ কিছু অঞ্চল ৷ যাৰ সুযোগ গ্ৰহণ কৰিছে গৰুৰ একাংশ চোৰাং সৰবৰাহকাৰীয়ে ৷ প্ৰতিদিনাই ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ হৈ আহিছে পশুধন (Cattle smuggling in Dhubri) ৷
এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ আৰক্ষীয়ে লাভ কৰিছিল এই তথ্য ৷ এই তথ্যৰ আধাৰতে বধুবাৰে নিশা ধুবুৰী আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানৰ সময়তে 5 চোৰাং সৰবৰাহকাৰীক ৰোধিবলৈ শূণ্যলৈ তিনি ৰাউণ্ড গুলীচালনা কৰে ৷ ফলত আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় দুজন অভিযুক্তক ৷ আনহাতে, আৰক্ষীৰ চকুত ধূলি দি আন তিনি অভিযুক্ত পলাই যাবলৈ সক্ষম হয় ৷